অসম

assam

ETV Bharat / state

গুৱাহাটীত শক্তি বিভাগৰ কৰ্মচাৰীৰ প্ৰতিবাদ - গুৱাহাটীত জনস্বাৰ্থ বিৰোধী বিদ্যুৎ সংশোধনী বিল 2020ৰ বিৰুদ্ধে প্ৰতিবাদ

লক ডাউনৰ মাজতে সোমবাৰে গুৱাহাটীত জনস্বাৰ্থ বিৰোধী বিদ্যুৎ সংশোধনী বিল 2020ৰ বিৰুদ্ধে প্ৰতিবাদ ৷ কৰ্মচাৰী সকলে হাতে হাতে চৰকাৰ বিৰোধী শ্লোগান সম্বলিত বেনাৰ,পোষ্টাৰ লৈ এক ঘন্টা জোৰা প্ৰতিবাদ সাব্যস্ত কৰে ৷

aseb-protest-at-guwahati
গুৱাহাটীত শক্তি বিভাগৰ কৰ্মচাৰীৰ প্ৰতিবাদ

By

Published : Jun 1, 2020, 7:33 PM IST

গুৱাহাটী,1 জুনঃ দেশৰ লগতে ৰাজ্যত আৰম্ভ হৈছে পঞ্চম পৰ্যায়ৰ লক ডাউন । লক ডাউনৰ মাজতেই দেশৰ লগতে ৰাজ্যজুৰি শক্তি বিভাগৰ কৰ্মচাৰীৰ প্ৰতিবাদ । জনস্বাৰ্থ বিৰোধী বিদ্যুৎ সংশোধনী বিল 2020ৰ বিৰুদ্ধে 1 জুনৰ দিনা দেশ জোৰা প্ৰতিবাদ দিৱস ৰূপায়ণ কৰিছে দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ শক্তি বিভাগৰ কৰ্মচাৰী সকলে। কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে অসমৰ ৰাজহুৱা খণ্ডৰ লাভজনক উদ্যোগ সমূহ ব্যক্তিগত খণ্ডক হস্তান্তৰ কৰাৰ বিপক্ষে এই প্ৰতিবাদ ।

গুৱাহাটীত শক্তি বিভাগৰ কৰ্মচাৰীৰ প্ৰতিবাদ

শেহতীয়াকৈ ''বিদ্যুৎ বিল সংশোধনী আইন ২০২০''ৰ জৰিয়তে দেশৰ লগতে ৰাজ্যৰ বৈদ্যুতিক ক্ষেত্ৰক ব্যক্তিগত কৰাৰ বিৰুদ্ধে সোমবাৰে সামাজিক দুৰত্ব বজাই ৰাখি সমগ্ৰ ৰাজ্যৰ লগতে মহানগৰীৰ নাৰেংগীস্থিত নামনি অসম প্ৰেৰণ আৰু পৰিৱৰ্তন চক্ৰৰ অসম বিদ্যুৎ বৰ্তনী নিগম পৰিসীমিতৰ কাৰ্যালয়ৰ শক্তি বিভাগৰ কৰ্মচাৰী সকলে নাৰেংগী এ.এছ.ই.বি কলনীৰ প্ৰৱেশদ্বাৰত ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে। কৰ্মচাৰীসকলে হাতে হাতে চৰকাৰ বিৰোধী শ্লোগান সম্বলিত বেনাৰ,পোষ্টাৰ লৈ দিনৰ 11 বজাৰ পৰা 12 বজালৈ প্ৰায় এক ঘন্টা জোৰা এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

লগতে পঢ়কঃ পুনৰ যাত্ৰীবাহী ৰে'ল সেৱা আৰম্ভ উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ

ABOUT THE AUTHOR

...view details