অসম

assam

ETV Bharat / state

Protest in Guwahati : সাহিত্য সভাৰ কৰ্মচাৰীৰ দৰমহা মোকলাই দিয়াৰ দাবীত প্ৰতিবাদ

মহানগৰীত পুনৰ প্ৰতিবাদ (Protest in Guwahati) ৷ পুনৰবাৰ ন্যাৰ্য প্ৰাপ্তিৰ দাবীত প্ৰতিবাদত বহিল অসম সাহিত্য সভাৰ কৰ্মচাৰীসকল (Asam Sahitya Sabha employees protest) ৷ শীঘ্ৰে দাবী পূৰণ নহ’লে চলিত মাহৰ 5 তাৰিখৰ পৰা উমি উমি জ্বলি থকা এই প্ৰতিবাদৰ জুইকোৰা অনিৰ্দিষ্ট কাললৈ চলাই নিয়াৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদী কৰ্মচাৰীসকলে ৷

Protest in Guwahati
প্ৰতিবাদত বহিল অসম সাহিত্য সভাৰ কৰ্মচাৰীসকল

By

Published : Dec 19, 2022, 6:41 PM IST

Updated : Dec 19, 2022, 6:52 PM IST

প্ৰতিবাদত বহিল অসম সাহিত্য সভাৰ কৰ্মচাৰীসকল

গুৱাহাটী, 19 ডিচেম্বৰ :প্ৰতিবাদত আকৌ গুঞ্জৰিছে অসম (Protest in Assam) ৷ ন্যাৰ্য প্ৰাপ্তিৰ দাবীত পুনৰবাৰ প্ৰতিবাদত বহিল অসমৰ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ কৰ্মচাৰীসকল (Asam Sahitya Sabha employees protest) ৷ প্ৰতিবাদী কৰ্মচাৰীৰ দাবী শীঘ্ৰে সাহিত্য সভাৰ কৰ্তৃপক্ষই মোকলাই দিয়ক অসম সাহিত্য সভাৰ কৰ্মচাৰীসকলৰ দৰমহা ৷

প্ৰতিবাদী কৰ্মচাৰীসকলে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা অনুসৰি, চলিত মাহৰ 5 তাৰিখৰ পৰা প্ৰাপ্য বিচাৰি অসম সাহিত্য সভাৰ কৰ্মচাৰীসকল প্ৰতিবাদত বঢ়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল (Asam Sahitya Sabha employees not getting salaries) ৷ সেই মৰ্মে অসম সাহিত্য সভাৰ কৰ্মচাৰীসকলে 5 ডিচেম্বৰৰ পৰাই গ্ৰহণ কৰিছিল প্ৰতিবাদী কাৰ্যসূচীৰ ৷

কিন্তু এই প্ৰতিবাদৰ অষ্টম দিনা অৰ্থাৎ 12 ডিচেম্বৰৰ দিনা সাহিত্য সভাৰ সভাপতি আৰু সম্পাদকে কৰ্মচাৰীসকলৰ সৈতে সন্ধিয়া 5 বজাৰ পৰা নিশা 10 বজালৈকে এখনি আলোচনা চক্ৰত মিলিত হয় ৷ এই আলোচনাত এসপ্তাহৰ ভিতৰতে দুটা মাহৰ বাকী থকা দৰমহা মোকলাই দিয়াৰ আশ্বাস প্ৰদান কৰে ৷ লগতে বাকী থকা তিনি মাহৰ দৰমহা আগন্তুক 24 ডিচেম্বৰৰ কাৰ্যনিৰ্বাহক সভাৰ অনুমোদন সাপেক্ষে মোকলাই দিয়া হ’ব বুলি উল্লেখ কৰে ৷

লগতে পঢ়ক :Protest Against Cattle Slaughtering: তিনিচুকীয়াত গো হত্যা বন্ধৰ দাবীৰে বিশ্ব হিন্দু পৰিষদ, বজৰং দলৰ প্ৰতিবাদ

আনকি অসম সাহিত্য সভাৰ কৰ্মচাৰীসকলেও সভাপতি-সম্পাদকৰ কথাত আশ্বস্ত হয় ৷ কিন্তু সাহিত্য সভাৰ কৰ্তৃপক্ষই নিজৰ স্থিতি বাহাল নাৰাখিলে অসম সাহিত্য সভাৰ কৰ্মচাৰীসকলে এই আন্দোলন অব্যাহত ৰাখিব উল্লেখ কৰিছিল ৷ কিন্তু শেহতীয়াকৈ এটা সপ্তাহ উকলি যোৱাৰ পাচতো বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ৷ এই অভিযোগ সাহিত্য সভাৰ প্ৰতিবাদী কৰ্মচাৰীসকলৰ ৷

ইফালে নিয়মীয়াকৈ অসম সাহিত্য সভাৰ কৰ্মচাৰীসকলে দৰমহা লাভ নকৰাৰ পৰিপ্ৰেক্ষিতত কৰ্মচাৰীসকলৰ জীৱন নিৰ্বাহ দুৰ্বিসহ হৈ পৰিছে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে । আনকি বিগত সময়ছোৱাত এই সন্দৰ্ভত ঊৰ্ধতম কৰ্তৃপক্ষক বাৰম্বাৰ আৱেদন জনোৱাৰ পাচতো কোনো সদুত্তৰ নোপোৱাত চলিত বৰ্ষত তিনিবাৰকৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছিল সাহিত্য সভাৰ কৰ্মচাৰীসকলে । কিন্তু এইবাৰ বিভাগীয় কৰ্তৃপক্ষই সাহিত্য সভাৰ কৰ্মচাৰীসকলৰ হকে চিন্তা নকৰে, তেন্তে অনিদ্দিষ্ট কাললৈ এই প্ৰতিবাদী কৰ্যসূচী চলাই নিয়াৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷

তথ্য অনুসৰি, 2019-20 বৰ্ষৰ বাজেটত চৰকাৰে সাহিত্য সভাক 1 কোটি 21 লাখ টকা দিছিল ৷ 2020-21 বৰ্ষৰ বাজেটত 93 লাখ টকা, 2021-22 বৰ্ষৰ বাজেটত 45 লাখ টকা দিয়াৰ লগতে এইবাৰ 2022-23 বৰ্ষৰ বাজেটত 40 লাখ 50 হাজাৰ টকা সাহিত্য সভাক দিয়ে । ইফালে 2021 চনৰ পৰা বাজেটৰ ধন কৰ্তন কৰাৰ ফলতেই এই সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে । কিয়নো সাহিত্য সভাত বছৰি কৰ্মচাৰীক দৰমহা দিয়াৰ বাবত প্ৰয়োজন হয় প্ৰায় 1 কোটি 21 লাখ টকা ।

লগতে পঢ়ক :Sanitation Workers Protest: প্ৰাপ্য মজুৰি মোকলাই দিয়াৰ দাবীত লখিমপুৰত চাফাই কৰ্মীৰ প্ৰতিবাদ

Last Updated : Dec 19, 2022, 6:52 PM IST

ABOUT THE AUTHOR

...view details