গুৱাহাটী, ১১ নৱেম্বৰ: মহানগৰীৰ উলুবাৰীত ভয়াৱহ পথ দুৰ্ঘটনা। তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিহত হয় এজন স্কুটী আৰোহী। সোমবাৰে নিশা টিংকু নামৰ এজন যুৱকে স্কুটী লৈ মাতৃৰ বাবে দৰৱ কিনিবলৈ আহোতে উলুবাৰী বজাৰৰ সন্মুখত এ এছ-০১ ই চি-৯৩২৪ নম্বৰৰ তীব্ৰবেগী ট্ৰাকখনে প্ৰচণ্ড জোৰে খুন্দািয়ায়। ফলত থিতাতে নিহত হয় টিংকু। দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। ক্ষুদ্ধ ৰাইজে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ আইনা ভাঙি চুৰমাৰ কৰে।
মহানগৰীত পথ দুৰ্ঘটনাত নিহত স্কুটী আৰোহী - মহানগৰীত পথ
মহানগৰীৰ উলুবাৰীত ট্ৰাকৰ খুন্দাত থিতাতে মৃত্যুক সাবটিলে স্কুটী আৰোহীয়ে। দুৰ্ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি। ক্ষুদ্ধ ৰাইজে ভাঙি পেলালে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ আইনা। স্কুটী আৰোহীগৰাকীৰ মৃত্য়ুক লৈ অঞ্চলজুৰি শোকৰ ছাঁ।
![মহানগৰীত পথ দুৰ্ঘটনাত নিহত স্কুটী আৰোহী মহানগৰীত পথ দুৰ্ঘটনাত নিহত স্কুটী আৰোহী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9509233-814-9509233-1605083160731.jpg)
মহানগৰীত পথ দুৰ্ঘটনাত নিহত স্কুটী আৰোহী
পৰিস্থিতি অধিক জটিল হৈ পৰাত ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষী আৰু চি আৰ পি এফৰ জোৱানে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। মহানগৰীত আৰক্ষী গিজগিজাই থকাৰ পিছতো নিশা ১১ বজাৰ পূৰ্বে ৰাজপথত সামগ্ৰীভৰ্তি ট্ৰাক কিদৰে প্ৰৱেশ কৰিব পাৰে তাৰ বাবে আৰক্ষীৰ ভূমিকাক লৈও ক্ষোভ ব্যক্ত কৰে ৰাইজে। ইপিনে, দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে ট্ৰাকচালকে।
লগতে পঢ়ক:ৰূপহীহাটত ৰাইজৰ দলৰ ব্যাপক তৎপৰতা