অসম

assam

ETV Bharat / state

ক্ৰমাৎ সুস্থ হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ - বৰ্তমান NIV

পূৰ্বতকৈ উন্নত হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ অৱস্থা। সন্ধিয়ালৈকে ICUৰ পৰা স্থানান্তৰ কৰাৰ সম্ভাৱনা। সংকটমুক্ত যদিও ২৪ ঘণ্টাই চিকিৎসকৰ নিৰীক্ষণত থাকিব তৰুণ গগৈ। দেওবাৰৰ পৰা ভেন্টিলেচনত চিকিৎসাধীন হৈ থকা গগৈ মঙলবাৰে কিছু সুস্থ হোৱা বুলি জানিবলৈ দিয়ে চিকিৎসা মহাবিদ্য়ালয়খনৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই।

ক্ৰমাৎ সুস্থিৰ হৈছে তৰুণ গগৈৰ স্বাস্থ্যৰ অৱস্থা
ক্ৰমাৎ সুস্থিৰ হৈছে তৰুণ গগৈৰ স্বাস্থ্যৰ অৱস্থা

By

Published : Nov 3, 2020, 1:29 PM IST

Updated : Nov 3, 2020, 3:05 PM IST

গুৱাহাটী, ৩ নৱেম্বৰ: কৰ'ণাত আক্রান্ত হোৱাৰ পিছত সুস্থ হৈ ঘৰলৈ উভতাৰ পিছত পুনৰ শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ সন্মুখীন হোৱা বাবে দেওবাৰে নিশা প্ৰায় ১২ বজাত ততাতৈয়াকৈ পুনৰ গুৱাহাটী চিকিৎসা মহাবিদ্য়ালয় হাস্পতাল ভৰ্তি কৰোৱা হয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক। তেতিয়াৰে পৰা চিকিৎসা মহাবিদ্য়ালয়খনৰ ভেন্টিলেচনত চিকিৎসাধীন হৈ থকা গগৈ মঙলবাৰে কিছু সুস্থ হোৱা বুলি জানিবলৈ দিয়ে চিকিৎসা মহাবিদ্য়ালয়খনৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই।

ক্ৰমাৎ সুস্থিৰ হৈছে তৰুণ গগৈৰ স্বাস্থ্যৰ অৱস্থা

ডাঃ শর্মাই জনোৱা মতে, বৰ্তমান সংকটমুক্ত তৰুণ গগৈ। এন আই ভিৰ পৰা আঁতৰাই ICUতে এখন মাস্কেৰে অক্সিজেন দি থকা হৈছে গগৈক। চিকিৎসা মহাবিদ্যালয়খনৰ বিশেষজ্ঞ চিকিৎসকৰ এটা দলে ২৪ ঘণ্টাই নিৰীক্ষণত ৰাখিছে কংগ্ৰেছ নেতাগৰাকীক। পুৱা পুত্ৰ গৌৰৱ গগৈৰ সৈতে কথা পতাৰ লগতে দলীয় সতীৰ্থৰ সৈতেও কিছু ৰাজনৈতিক কথা পাতিছে নেতাগৰাকীয়ে। বৰ্তমান তেওঁৰ অক্সিজেনৰ মাত্ৰা ৯৪-৯৬ৰ ভিতৰত আছে বুলি জানিবলৈ দিয়ে চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষক গৰাকীয়ে। ২ ঘণ্টাৰ মূৰে মূৰে চিকিৎসকে যাৱতীয় পৰীক্ষাসমূহ কৰাইছে।

উল্লেখ্য যে, শ্বাস-প্ৰশ্বাসজনিত সমস্যাত আক্রান্ত হৈ চিকিৎসাধীন হোৱাৰ পিছৰে পৰা সামাজিক মাধ্যমত একাংশ লোকে বৰ্ষীয়ান নেতা গৰাকীৰ স্বাস্থ্যৰ অৱস্থাক লৈ কিছু অপপ্ৰচাৰ চলাই আহিছিল। যাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে দলৰ নেতা-কৰ্মীসকলৰ লগতে চিকিৎসা প্ৰদান কৰি থকা চিকিৎসকসকলে। মঙলবাৰে ডাঃ শৰ্মাৰ মুখৰ পৰা কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীৰ আৰোগ্য হোৱাৰ খবৰে দলীয় কৰ্মী তথা গুণমুগ্ধসকলৰ মনত এক প্ৰশান্তিৰ ভাব দেখা পোৱা গৈছে।

চিকিৎসকসকলে আশা কৰিছে যে খুব কম দিনৰ ভিতৰতে সম্পূৰ্ণ সুস্থ হৈ ঘৰলৈ উভতিব প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। আনহাতে, পিতৃৰ অসুখৰ বিষয়ে খবৰ পোৱাৰ পিছতে শনিবাৰে দিল্লীৰ পৰা অসমলৈ আহে পুত্ৰ গৌৰৱ গগৈ।

ইয়াৰ পূৰ্বে কৰ'ণা আক্ৰান্ত হোৱাৰ পিছত গুৱাহাটী চিকিৎসা মহাবিদ্য়ালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল তৰুণ গগৈক। যোৱা ২৫ অক্টোবৰত সুস্থ হৈ ঘৰলৈ উভতিছিল। চৰকাৰী বাসভৱনতে চিকিৎসকৰ তত্বাৱধানত আছিল গগৈ। দেওবাৰে হঠাৎ অসুস্থ হৈ পৰাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় বৰ্ষীয়ান নেতাগৰাকীক।

লগতে পঢ়ক:নাথ যোগী ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতি গঠন

Last Updated : Nov 3, 2020, 3:05 PM IST

ABOUT THE AUTHOR

...view details