গুৱাহাটী,৪ ডিচেম্বৰ :ক'ভিড পৰিস্থিতিৰ বাবে দুবছৰৰ অন্তত অনুষ্ঠিত হৈছে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন (General election of Cotton University Student Body)।মঙলবাৰে পুৱা ১০ বজাৰ পৰা আবেলি ২ বজালৈ শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হয় এই নিৰ্বাচনৰ ভোটগ্ৰহণ (Peacefully concluded Cotton University election polls)। জানিব পৰা মতে নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৬৮.৩ শতাংশ ।
বিশ্ববিদ্যালয়ৰ মুঠ ভোটাৰ শিক্ষাৰ্থী আছিল ৫,০৩৭ গৰাকী । ভোটাধিকাৰ সাব্যস্ত কৰে ৩,৪৪২ গৰাকীয়ে । গুৰুত্বপূৰ্ণ কথাটো হ'ল যে ১৬ টা বিভাগৰ বাবে মুঠ ৪৬ গৰাকীকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে এই নিৰ্বাচনত ।