গুৱাহাটী,১০ মে' : ৰাজ্যত কুখ্যাত সন্ত্ৰাসবাদী সংগঠনৰ কূটাঘাটৰ আশংকা । তৎপৰ হৈ পৰিছে আৰক্ষী তথা জিলা প্ৰশাসন ।শুকুৰবাৰে গুৱাহাটীৰ জালুকবাৰীস্থিত হোটেল ৰেডিচন ব্লু'ত নিৰাপত্তাজনিত ক্ষেত্ৰত এখন সজাগতামূলক সভা অনুষ্ঠিত হয় । পশ্চিম গুৱাহাটী আৰক্ষীৰ উদ্যোগত ধাবা, ছপিং মল, ৰেষ্টুৰেন্টৰ আদি ৰাজহুৱা স্থানৰ স্বত্বাধিকাৰীৰ লগত আলোচনা মিলিত হয় মহানগৰ আৰক্ষী ।
ৰাজ্যত সন্ত্ৰাসবাদী সংগঠনৰ কূটাঘাটৰ আশংকা ! তৎপৰ আৰক্ষী তথা জিলা প্ৰশাসন ! - গুৱাহাটী
শুকুৰবাৰে গুৱাহাটীত নিৰাপত্তা সন্দৰ্ভত আৰক্ষীৰ সজাগতামূলক সভা ।
এইসমূহ স্থানত যাতে পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থা যাতে গঢ়ি তাৰ বাবে আৰক্ষীয়ে মালিকসকলক নিৰ্দেশনা প্ৰদান কৰে । চিচি কেমেৰা, মেটেল ডিটেক্টৰ, স্কেনাৰ আদি সক্ৰিয় কৰি ৰাখিবলৈও কয় আৰক্ষীয়ে । ইফালে মহানগৰীত বৰ্তমান পৰ্যাপ্ত পৰিমাণৰ চিচি কেমেৰা নাই বুলি উল্লেখ কৰে মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে । এই ক্ষেত্ৰত শীঘ্ৰেই ব্যৱস্থা লোৱাৰ কথাও জানিবলৈ দিয়ে আৰক্ষী আয়ুক্তগৰাকীয়ে । তাৰোপৰি মহানগৰীৰ পাহাৰীয়া এলেকাসমূহত আৰক্ষীয়ে তীক্ষ্ন নজৰ ৰখা বুলি জানিবলৈ দিয়ে দীপক কুমাৰে ।উল্লেখযোগ্য যে , এই সভাত উপস্থিত থাকে মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰ, যুটীয়া আৰক্ষী আয়ুক্ত দেৱৰাজ উপাধ্যায়, পশ্চিম গুৱাহাটী আৰক্ষীৰ DCP খনীন্দ্ৰ চৌধুৰী, জালুকবাৰী শাখাৰ ACP জয়ন্ত বৰুৱাকে ধৰি ভালেসংখ্যক আৰক্ষী শীৰ্ষ বিষয়া আৰু ধাবা-ৰেষ্টুৰেন্টৰ মালিকসকল ।