অসম

assam

ETV Bharat / state

বন্যাৰ্তৰ সহায়ৰ বাবে আৰ্থিক সাহায্য প্ৰদান দুই বিধায়কৰ - MLA

বানাক্ৰান্তৰ বাবে মৰাণ বিধানসভা সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে ৫০,১০১ টকা আৰু চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাই ৫০,০০০ টকা মুখ্যমন্ত্ৰী বান সাহায্য পুঁজিলৈ আগবঢ়াই ৷

বন্যাৰ্তৰ সহায়ৰ বাবে আৰ্থিক সাহায্য প্ৰদান দুই বিধায়কৰ

By

Published : Jul 28, 2019, 8:08 AM IST

গুৱাহাটী, 28 জুলাইঃ ৰাজ্যৰ বন্যাৰ্তক সহায়ৰ বাবে আগবাঢ়ি আহিছে মন্ত্ৰী-বিধায়কৰ লগতে বিভিন্নজন । এইবাৰ বানাক্ৰান্তৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰে মৰাণ বিধানসভা সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ আৰু চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাই । দুয়োগৰাকী বিধায়কে মুখ্যমন্ত্ৰী বান সাহায্য পুঁজিলৈ আগবঢ়াই আৰ্থিক অনুদান । চক্ৰধৰ গগৈয়ে ৫০,১০১ আৰু বিনোদ হাজৰিকাই ৫০,০০০ টকাৰ চেক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত অৰ্পণ কৰে । তাৰোপৰি কুশল নগৰ নামঘৰ সমিতিৰ হৈ ২১,০০০ টকাৰ চেক মুখ্যমন্ত্ৰীক অৰ্পণ কৰে বিধায়ক চক্ৰধৰ গগৈয়ে । ইফালে মৰাণৰ বিধায়কগৰাকীয়ে বানপানীৰ স্থানী সমাধান বিচাৰি মুখ্যমন্ত্ৰীৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰে ।

বিধায়ক বিনোদ হাজৰিকা
চক্ৰধৰ গগৈ
বানপানীৰ স্থানীয় সমাধান বিচাৰি মুখ্যমন্ত্ৰীৰ হাতত প্ৰদান কৰা স্মাৰক পত্ৰ

ABOUT THE AUTHOR

...view details