গুৱাহাটী , ৫ ফেব্ৰুৱাৰীঃ কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতালৈ চমন জাৰি কৰিছে নেছনেল ইনভেষ্টিগেছন এজেন্সি (নিয়াই) । মাওবাদীৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত ছাত্ৰ নেতাজনলৈ চমন জাৰি কৰিছে সংস্থাটোৱে । বৃহস্পতিবাৰে দিনৰ 11 বজাত সোণাপুৰস্থিত NIA ৰ কাৰ্য্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে প্ৰাঞ্জল কলিতাক । নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে কৰা প্ৰতিবাদত নেতৃত্ব প্ৰদান কৰিছিল প্ৰাঞ্জল কলিতাই ।
উল্লেখযোগ্য যে, কটন বিশ্ববিদ্যালয়ত অধ্যয়নৰত প্ৰাঞ্জল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সৈতে জড়িত । চমন জাৰী কৰাৰ পাছতে ছাত্ৰনেতা জনে মন্তব্য কৰে যে, ছাত্ৰ মুক্তি আৰু কৃষক মুক্তিৰ অখিল গগৈ, ধৈৰ্য্য কোঁৱৰ, মানস কোঁৱৰ আৰু বিতু সোণোৱালক যি গোচৰত কৰায়ত্ত কৰা হৈছিল সেই গোচৰতেই চমন জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰৰ আধীনস্থ সংস্থাটোৱে । নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদ ৰুদ্ধ কৰাৰ বাবেই কেন্দ্ৰীয় চৰকাৰে এই ষড়যন্ত্ৰৰ আশ্ৰয় লৈছে বুলিও অভিযোগ উত্থাপন কৰে প্ৰাঞ্জল কলিতাই ।