অসম

assam

By

Published : Nov 27, 2020, 7:46 PM IST

Updated : Nov 27, 2020, 8:20 PM IST

ETV Bharat / state

তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনঃ শনিবাৰে মনোনয়ন দাখিলৰ অন্তিম দিন

শনিবাৰে তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিন । 36 টা সমষ্টিৰে প্ৰাৰ্থীয়ে ইতিমধ্যে মনোনয়ন দাখিল কৰিছে । পৰিষদখন পুনৰ নিজৰ দখলতে ৰাখিবলৈ ৰণনীতি যুগুত কৰিছে বিজেপিয়ে ।

শনিবাৰে তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিন
শনিবাৰে তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিন

গুৱাহাটী, ২৭ নৱেম্বৰ: তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনক কেন্দ্ৰ কৰি তুংগত উঠিছে ৰাজনৈতিক দলৰ তৎপৰতা । সম্প্ৰতি বিজেপিৰ দখলত থকা পৰিষদখন যাতে পুনৰ নিজৰ দখলত থাকে তাৰ বাবে গেৰুৱা দলটোৱে চেষ্টাৰ কোনো ক্ৰুটি কৰা নাই । পৰিষদৰ অন্তৰ্গত আটাইকেইটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছে শাসকীয় দলটোৱে । শেহতীয়াকৈ ৰাজ্যিক নিৰ্বাচন আয়োগে পৰিষদৰ অন্তৰ্গত ১১ টা সমষ্টিৰ পূৰ্বৰ সংৰক্ষণৰ ব্যৱস্থাত কেতবোৰ সালসলনি ঘটোৱাৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিনো পিছুৱাবলগীয়া হৈছে । সেই অনুসৰি ২৮ নৱেম্বৰৰ দিনটো মনোনয়ন দাখিলৰ অন্তিম দিন হিচাপে ধাৰ্য কৰা হৈছে ।

অহা ১ ডিচেম্বৰত মনোনয়ন পৰীক্ষা কৰাৰ হ'ব আৰু মনোনয়ন প্ৰত্যাহাৰৰ শেষ দিন হৈছে অহা ৩ ডিচেম্বৰ । আনহাতে, নতুনকৈ সংৰক্ষণ ব্যৱস্থা সালসলনি কৰা ১১ টা সমষ্টিৰ ভিতৰত পূৰ্বতে মুক্ত হৈ থকা বৰংগনি সমষ্টি অনুসূচিত জনজাতিৰ বাবে, মুক্ত সমষ্টি ভূৰবন্ধা অনুসূচিত জনজাতিৰ বাবে, মুক্ত সমষ্টি তেতেলীয়া অনুসূচিত জনজাতিৰ বাবে, অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত হৈ থকা শলমাৰী সমষ্টি মুক্ত ৰূপে, মুক্ত হৈ থকা সমষ্টি ভোমোৰাগুৰি সমষ্টি অনুসূচিত জনজাতিৰ বাবে, মুক্ত হৈ থকা বৰচিলা সমষ্টি অনুসূচিত জনজাতিৰ বাবে, মুক্ত হৈ থকা বাৰপূজীয়া সমষ্টি অনুসূচিত জনজাতিৰ বাবে, অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত কাকী সমষ্টি মুক্ত ৰূপে ৰাজ্যিক নিৰ্বাচন আয়োগে ঘোষণা কৰিছে ।

লগতে অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত হৈ থকা লুটুমাৰী সমষ্টি মুক্ত ৰূপে, অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত আম্প্ৰি সমষ্টি মুক্ত ৰূপে আৰু অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ফং-আৰি সমষ্টি মুক্ত ৰূপে ঘোষণা কৰিছে ৰাজ্যিক নিৰ্বাচন আয়োগে ।

লগতে পঢ়ক:বৰপেটাৰ এখন বিদ্যালয়ত শিক্ষক নিযুক্তিৰ দাবীৰে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

Last Updated : Nov 27, 2020, 8:20 PM IST

ABOUT THE AUTHOR

...view details