গুৱাহাটী,২৫ নৱেম্বৰ :কৃষক সংগঠনসমূহৰ শক্তিশালী আন্দোলনৰ ওচৰত সেও মানি কেন্দ্ৰীয় চৰকাৰে অৱশেষত বিতৰ্কিত তিনিখন কৃষি আইন বাতিল কৰাৰ কথা ঘোষণা কৰিলে ৷ ইয়াৰ পাছতেই এতিয়া অসমত বিভিন্ন দল-সংগঠনে নাগৰিকত্ব সংশোধনী আইন (citizenship amendment act) চমুকৈ 'কা' বাতিলৰ দাবীত পুনৰ সৰৱ হৈ উঠিছে । বৃহস্পতিবাৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে অসমত পুনৰ শক্তিশালী ৰূপত কা আন্দোলন কৰাৰ হুংকাৰ দিয়ে (Lurinjyoti Gogoi roaring of CAA protest)। অসম জাতীয় পৰিষদৰ গুৱাহাটী কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত লুৰীণজ্যোতি গগৈয়ে কয় যে কা আন্দোলনৰ মাজেৰে অসমৰ ৰাইজৰ মাজত পুনৰ জনজাগৰণৰ সৃষ্টি কৰিব লাগিব ।
তেওঁৰ মতে 'কা' আন্দোলন আপোচহীনভাৱে শক্তিশালী ৰূপত আগবঢ়ায় নিব লাগিব (Lurinjyoti Gogoi in favour of CAA protest )। ৰাজ্যত পুনৰ ‘কা’ আন্দোলন আপোচহীনভাৱে শক্তিশালী ৰূপত আগবঢ়ায় নিয়াৰ বাবে সকলো দল-সংগঠনক একত্ৰিত হোৱাৰ বাবে লুৰীণজ্যোতি গগৈয়ে আহ্বান জনায় । তেওঁ লগতে কয় যে অহা ১১ ডিচেম্বৰত কা গৃহীত হোৱাৰ দুবছৰ সম্পূৰ্ণ হ'ব ।
‘কা’ গৃহীত কৰা এই দিনটোতে সমগ্ৰ অসমতে অসম জাতীয় পৰিষদৰ উদ্যোগত পালন কৰা হ'ব ক'লা দিৱস আৰু সকলো সমষ্টিতে সংকল্প লোৱা হ'ব (AJP will observe Black Day) । আকৌ ১২ ডিচেম্বৰত 'কা'ৰ প্ৰতিবাদতত মৃত্যুবৰণ কৰা সকলৰ স্মৃতিত আত্মবলিদান দিৱস পালন কৰা হ'ব । সংশ্লিষ্ট জিলা কমিটিয়ে শ্বহীদ পৰিয়ালক সাক্ষাৎ কৰিব ।