গুৱাহাটী, ১৬ নৱেম্বৰ: সদৌ অসম ছাত্ৰ সন্থাৰ দুলীয়াজান অধিৱেশনলৈ মাজত আৰু মাত্ৰ দুটা দিন। অহা ১৯ নৱেম্বৰৰ পৰা তিনিদিনীয়াকৈ উজনিৰ চহৰখনত অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশনতে ছাত্ৰ সংগঠনটোৰ সংবিধান সংশোধিত হোৱাৰ লগতে নেতৃত্বৰ সলনি ঘটিব। সেয়ে, সংগঠনটোৰ বাবে এই অধিৱেশনৰ গুৰুত্ব বহু বেছি। সংগঠনটোৰ এক শীৰ্ষ সূত্ৰই ই টি ভিক জনোৱা মতে, এই অধিৱেশনতে সংশোধিত ৰূপত সংবিধান গৃহীত হোৱাৰ পিছতে নতুন কেন্দ্ৰীয় সমিতি গঠিত হ'ব। ইতিমধ্যে আছুৰ উদ্যোগত অসম জাতীয় পৰিষদ নামৰ ৰাজনৈতিক দল গঠিত হোৱাৰ পিছত সন্থাৰ সভাপতি দীপাংক নাথ আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে অৰাজনৈতিক মঞ্চ এৰি নতুন ৰাজনৈতিক দলত যোগ দিয়াৰ সম্ভাৱনা আছে বুলি চৰ্চিত হৈছে।
যদি সেয়া হয়, তেতিয়াহ'লে ছাত্ৰ সংগঠনটোৰ সভাপতি আৰু সম্পাদক হিচাপে কোন কোন স্থলাভিষিক্ত হ'ব সেয়া এই মূহুৰ্তত ডাঙৰ প্ৰশ্ন। ছাত্ৰ সংগঠনটোৰ সূত্ৰটোৱে জনোৱা মতে, এইবাৰৰ অধিৱেশনৰ প্ৰতিনিধি সভাত উজনিৰ দুজন ক্ৰমে শংকৰ বৰুৱা আৰু উদ্দীপ্ত গগৈ, উত্তৰ অসমৰ প্ৰজ্ঞান ভূঞা, নামনি তথা মধ্য অসমৰ ক্ৰমে দিব্যজ্যোতি মেধি, প্ৰকাশ দাস আৰু উৎপল শৰ্মাৰ নাম বিবেচনালৈ অহাৰ সম্ভাৱনা আছে। ইয়াৰে উজনি অসমৰ ডিব্ৰুগড় আছুৰ নেতা শংকৰ বৰুৱা সভাপতি আৰু উদ্দীপ্ত গগৈ সাধাৰণ সম্পাদক পদৰ দাবিদাৰ। প্ৰজ্ঞান ভূঞাও সাধাৰণ সম্পাদক পদৰে দাবীদাৰ।