গুৱাহাটী, ২০ অক্টোবৰ: জালুকবাৰীৰ অসম বন বিদ্যালয়ৰ সম্মুখত সংঘটিত পথ দুৰ্ঘটনাত এগৰাকী যুৱতীৰ মৃত্যুৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। জানিব পৰা মতে, যুৱতীগৰাকীয়ে AS01DB1869 নম্বৰৰ স্কুটীৰে অসম বন বিদ্যালয়ৰ সম্মুখৰ ক্ৰছিঙেৰে পাৰ হ'বলৈ লওতেই AS-01DC-9915 নম্বৰৰ এখন তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিয়ে। থিতাতে মৃত্যু হয় যুৱতীগৰাকীৰ। যুৱকগৰাকী গাড়ীগাঁও নৱাপাৰাৰ সুমন বৈশ্য। আনহাতে,দুৰ্ঘটনা সংঘটিত কৰিয়েই ট্ৰাকখনৰ চালকে পলায়ন কৰে।
পথ দুৰ্ঘটনাত যুৱতীৰ মৃত্যুক কেন্দ্ৰ কৰি জালুকবাৰীত উত্তপ্ত পৰিস্থিতি - মহানগৰী
মহানগৰীৰ জালুকবাৰীস্থিত অসম বন বিদ্যালয়ৰ সম্মুখত নিশা হূলস্থূলীয়া পৰিৱেশ। পথ দুৰ্ঘটনাত এগৰাকী যুৱতীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা। স্থানীয় ৰাইজে আবদ্ধ কৰিলে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক।
পথ দুৰ্ঘটনাত যুৱতীৰ মৃত্যুক কেন্দ্ৰ কৰি জালুকবাৰীত উত্তপ্ত পৰিস্থিতি
পিছত স্থানীয় ৰাইজ উপস্থিত হৈ ট্ৰাকখন আবদ্ধ কৰাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। ফলত তীব্ৰ যানজঁটৰ সৃষ্টি হয়। কেইবাঘন্টা ধৰি উত্তপ্ত পৰিৱেশ বিৰাজ কৰে অঞ্চলটোত। ঘটনাস্থলীত উপস্থিত হৈ জালুকবাৰী আৰক্ষীৰ শীৰ্ষ বিষয়াই পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলাই যদিও বিফল হয়। পিছত ঘটনাস্থলীত অৰ্ধ সামৰিক বাহিনী মোতায়েন কৰা হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠিচালনা কৰিবলৈ বাধ্য হয়।
লগতে পঢ়ক:বিলাসীপাৰাত আটক মুন্নাভাই!