গুৱাহাটী, 12 মাৰ্চ: অসমলৈ আহিব আপৰ দুই মুখ্যমন্ত্ৰী ৷ দুই এপ্ৰিলত অসমলৈ আহিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান । গুৱাহাটীৰ সোণাৰাম খেলপথাৰত আপৰ কৰ্মীসকলক সম্বোধন কৰিব কেজৰিৱালে ৷ সংবাদমেলযোগে এই কথা সদৰী কৰে আপৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই (AAP CM to visit Guwahati) ৷
সংবাদমেলত ভ্ৰষ্টাচাৰ, স্বেচ্ছাচাৰী, সাম্প্ৰদায়িক শাসন নিৰ্মূল কৰিবলৈ সকলোকে সহযোগিতা কৰাৰ আহ্বান আপৰ (Arvind Kejriwal visit to Assam) ৷ সংবাদমেলত তত্বাৱধায়ক ৰাজেশ শৰ্মাই কয়, ‘‘অসমৰ বিজেপি চৰকাৰৰ জনবিৰোধী কাৰ্য-কলাপ, উচ্চস্তৰৰ দুর্নীতি তথা সা-সামগ্ৰীৰ আকাশলংঘী দামৰ বাবে অসমৰ জনতাই বিজেপিৰ বিৰুদ্ধে ক্ষোভিত হৈ আছে যদিও তেওঁলোকে বিকল্প বিচাৰি পোৱা নাই ৷ সেয়ে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ আম আদমি পাৰ্টীয়ে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত শক্তিশালী বিৰোধীৰ ভূমিকা পালন কৰিবলৈ আগবাঢ়ি আহিছে ৷’’
দিল্লীত শিক্ষা আৰু স্বাস্থ্য খণ্ডত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সক্ষম হোৱা আম আদমি পাৰ্টী একমাত্ৰ ৰাজনৈতিক দল যিয়ে ভৱিষ্যত প্ৰজন্মক বিশ্ব মানৰ শিক্ষা প্ৰদান কৰি ভাৰতক বিশ্বৰ ভিতৰত এক নম্বৰ দেশ হিচাপে প্ৰতিষ্ঠা কৰোৱাৰ সংকল্প গ্ৰহণ কৰিছে বুলিও সংবাদমেলত মন্তব্য ৰাজেশ শৰ্মাৰ (Bhagwant Singh Mann to visit Guwahati) ৷ লগতে তেওঁ কয়, ‘‘অসমৰ যিসকল লোকে শিক্ষা খণ্ডৰ আমোল পৰিৱৰ্তনৰ জৰিয়তে ভৱিষ্যত প্ৰজন্মৰ অক্ষত উন্নয়ন বিচাৰে, তেওঁলোকে সামগ্ৰিকভাৱে আম আদমি পাৰ্টীক সমৰ্থন কৰক ৷’’