অসম

assam

ETV Bharat / state

ৰে'ল যোগে গুৱাহাটীত উপস্থিত অৰুণাচলৰ বহু ছাত্র-ছাত্ৰী - চেন্নাই

বিশেষ বাছ যোগে গুৱাহাটী ৰে'ল ষ্টেচনৰ পৰা ছাত্ৰ-ছাত্ৰীৰ দলটোক লৈ যোৱা হল বান্দৰদোৱালৈ । বান্দৰোৱাৰ পি টি চি গ্ৰাউণ্ডৰ কোৱাৰেইণ্টাইন চেন্টাৰত থাকিব লাগিব ছাত্ৰ-ছাত্ৰীৰ দলটো

arunachal student  arrived guwahati assam quranitine bandardwa
গুৱাহাটীত উপস্থিত অৰুণাচলৰ বহু ছাত্র-ছাত্ৰী

By

Published : May 22, 2020, 7:19 PM IST

গুৱাহাটী,22মেঃ বাছ আৰু ৰে'ল যোগে বহিঃৰাজ্যত আৱদ্ধ হৈ থকা উত্তৰ পূৱৰ লোক সকলৰ আগমন অব্যাহত আছে । প্ৰতিদিনে হাজাৰ হাজাৰ লোক দেশৰ বিভিন্ন প্ৰান্তৰ উত্তৰ পূবলৈ পৰা উভতি আছে । শুকুৰবাৰেও গুৱাহাটী ৰে'ল ষ্টেচনত বহিঃৰাজ্যৰ পৰা বহু লোক আহি উপস্থিত হয় । চেন্নাইৰ পৰা বিশেষ ৰে'ল যোগে অহা লোক সকলৰ ভিতৰত সৰহ সংখ্যক বহিঃৰাজ্যত শিক্ষা গ্ৰহণ কৰা উত্তৰ পূৱ ছাত্ৰ-ছাত্ৰী ।

গুৱাহাটীত উপস্থিত অৰুণাচলৰ বহু ছাত্র-ছাত্ৰী

অসম তথা উত্তৰ পূৱৰ অনন্য ৰাজ্যৰ লগতে অৰুণাচল প্ৰদেশৰ ৭৫ গৰাকী ছাত্ৰ-ছাত্ৰী চেন্নাইৰ পৰা আহি উপস্থিত হয় গুৱাহাটীত । গুৱাহাটী ৰে'ল ষ্টেচনত উপস্থিত হোৱাৰ পিছতে অৰুণাচল চৰকাৰে বিশেষ ৪ খনকৈ বাছ যোগে ছাত্ৰ-ছাত্ৰীৰ দলটোক অৰুণাচল প্ৰদেশলৈ নিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে । ছাত্ৰ-ছাত্ৰীৰ এই দলটোক প্ৰথমে অসম-অৰুণাচল সীমান্ত বান্দৰদোৱাৰ পি চি চি গ্ৰাউণ্ডত নি স্বাস্থ্য পৰীক্ষা কৰোৱা হয় আৰু পি টি চি গ্ৰাউণ্ডতে এই সকল ছাত্ৰ-ছাত্ৰীক ১৪ দিনৰ বাবে কোৱাৰেইণ্টাইন কৰা হ'ব ।

গুৱাহাটীত উপস্থিত অৰুণাচলৰ বহু ছাত্র-ছাত্ৰী

উল্লেখ্যযোগ্য যে, কৰ'ণা ভাইৰাছ মহামাৰী ভাৰতত ভয়ানক ৰূপ ধাৰণ কৰাত বহিঃৰাজ্যত থকা অসম তথা উত্তৰ পূৱৰ লোক সকল নিজ নিজ ৰাজ্যলৈ ঘূৰি আহিছে। এই লোক সকলকৰ ভিতৰত বহু উত্তৰ পূৱৰ বহু ছাত্ৰ-ছাত্ৰীও আছে। চেন্নাইৰ পৰা ডিমাপুৰ অভিমুখে আৰু এখন বিশেষ ৰে'ল আজি আহি গুৱাহাটীত উপস্থিত হ'ব । এই ৰে'লখনটো অৰুণাচল প্ৰদেশৰ ছাত্ৰ-ছাত্ৰীৰ এটা দল থকা বুলি জানিবলৈ দিয়ে বিষয়া গৰাকীয়ে ৷

লগতে পঢ়কঃ আম্ফানত বিধ্বস্ত পশ্চিম বংগলৈ 1000 কোটিৰ অন্তৱৰ্তীকালীন সাহায্য ঘোষণা মোডীৰ

ABOUT THE AUTHOR

...view details