গুৱাহাটী, 2 জুন :ৰাজ্যত অব্যাহত আছে এটাৰ পিছত আনটো নাৰী নিৰ্যাতন তথা ধৰ্ষণৰ ঘটনা ৷ বৃহস্পতিবাৰে তেনে এক জঘন্য ঘটনা পোহৰলৈ আহিছে ৷ তথ্য অনুসৰি, এইবাৰ মহানগৰীৰ হেঙেৰাবাৰীৰ ৰূপকোঁৱৰ পথত সংঘটিত হৈছে এই জঘন্য কাণ্ড (Arunachali girl raped in Guwahati) ৷
অভিযোগ অনুসৰি, বুধবাৰে নিশা হেঙেৰাবাৰীৰ ৰূপকোঁৱৰ পথত থকা এগৰাকী অৰুণাচলৰ যুৱতীক ধৰ্ষণ কৰে টেনজিং দৰ্জে নামৰ এজন যুৱকে ৷ তাৰ পাচত আজি অৰ্থাৎ বৃহস্পতিবাৰে ভুক্তভোগী যুৱতীগৰাকীয়ে দিছপুৰ আৰক্ষী থানাত দাখিল কৰে এক এজাহাৰ ৷ এই এজাহাৰৰৰ ভিত্তিতেই দিছপুৰ আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি অভিযুক্ত টেনজিং দৰ্জেক আটক কৰে ৷