গুৱাহাটী, ৬ জুন : অসমীয়া লোকৰ ওপৰত অৰুণাচলীৰ বৰ্বৰতা ৷ সোমবাৰে অসম-অৰুণাচল সীমান্তৰ পানবাৰীত গছপুলি ৰুবলৈ গৈ অৰুণাচলীৰ গুলীত নিহত হয় দুজন অসমীয়া লোক (Firing in Assam Aruanchal border) ৷ অৰুণাচলীৰ গুলীত নিহত হোৱা অসমৰ দুজন লোক ক্ৰমে বগা চুতীয়া আৰু মন্টু গগৈ ৷ এই ঘটনাৰ পাচতে সৰ্বত্ৰে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷
এই গুলীচালনা সন্দৰ্ভত অসমৰ শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে কয়, ‘‘ইতিমধ্য়ে ঘটনা সন্দৰ্ভত অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হৈছে ৷ এই বৈঠকত উপ আয়ুক্ত (ডি চি) আৰু ধেমাজি আৰু নিম্ন ছিয়াং জিলাৰ আৰক্ষী অধীক্ষক (এছ পি) উপস্থিত থাকে । অৰুণাচল প্ৰশাসনে এই ঘটনাৰ তদন্তৰ বাবে সহযোগিতা আগবঢ়াইছে ৷ লগতে দুষ্কৃতিকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিছে’’ (Ranoj Pegu reacts on Assam Aruanchal border Firing issu) ।
তেওঁ আৰু কয়, ‘‘এই ঘটনা সন্দৰ্ভত গোগামুখ আৰক্ষী চকীত অস্ত্ৰ আইনৰ অধীনত ৬৩/২৩ u/s ১৪৭/১৪৮/৩০২ /৩২৬/৩০৭ IPC r/w ২৫ (১) (ক)/২৭ (৩)ত এক গোচৰ পঞ্জীয়ন কৰা হৈছে । লগতে ইতিমধ্যে মৃত ব্যক্তিকেইজন বগা চুতীয়া আৰু মন্টু গগৈ বুলি চিনাক্ত কৰা হৈছে’’ । ইফালে আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞাই কয়, ‘‘এই ঘটনাৰ সন্দৰ্ভত আমাৰ তদন্ত চলি আছে ৷’’