অসম

assam

By

Published : Dec 10, 2019, 4:27 PM IST

ETV Bharat / state

'আহ ঐ আহ' ধ্বনিৰে শিল্পী সমাজৰ কেব বিৰোধী হুংকাৰ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে চানমাৰিৰ অসম অভিযান্ত্ৰিক খেল পথাৰত পুৱাৰে পৰা হুংকাৰ শিল্পীসকলৰ ৷

artist protest at Guwahati
শিল্পী সমাজৰ কেব বিৰোধী হুংকাৰ

গুৱাহাটী,10 ডিচেম্বৰঃ সমগ্ৰ ৰাজ্যৰ লগতে উত্তৰ-পূৰ্বাঞ্চলে বিৰোধিতা কৰিছে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে । উত্তপ্ত হৈ পৰিছে বৰ্তমান ৰাজ্যৰ সমগ্ৰ পৰিস্থিতি। কেবৰ বিৰোধিতাৰে নেছ'ই মঙলবাৰে সমগ্ৰ উত্তৰ-পূৱ বন্ধৰ আহ্বান কৰিছে। ইয়াৰ সমান্তৰালকৈ ঐক্যবদ্ধ সংগ্ৰামত ব্ৰতী হৈছে অসমৰ শিল্পী তথা কলা-কুশলীসকল ৷ "আমি জাতি ধ্বংসী বিধেয়ক কোনো কাৰণতে মানি নলওঁ" বুলি হুংকাৰ তুলিছে শিল্পী সমাজে ।

শিল্পী সমাজৰ কেব বিৰোধী হুংকাৰ

মঙলবাৰে পুৱা 10 বজাৰ পৰা চানমাৰিৰ অসম অভিযান্ত্ৰিক খেল পথাৰত আৰম্ভ হয় অসমৰ শিল্পী সমাজৰ কেব বিৰোধী প্ৰতিবাদ ৷ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে শিল্পী সমাজৰ ক্ৰমে অভিনেত্ৰী বৰষা ৰাণী বিষয়া,উৎপল দাস,কণ্ঠশিল্পী দীক্ষুকে ধৰি বহু অভিনেতা-অভিনেত্ৰী আৰু কণ্ঠশিল্পীয়ে। সংবাদ মাধ্যমৰ আগত শিল্পী সমাজে স্পষ্ট ভাষাৰে কয়,"আমি কেব নামানো। যিখন বিলে অসমীয়া জাতিৰ অস্তিত্ব বিপন্ন কৰি তোলে তেনে এখন বিল আমি মানি নলওঁ। অসমীয়া জাতিৰ লগত আমি আছো। শিল্পী সমাজে কেব নিবিচাৰে। অসমবাসী শুই নাথাকি ওলাই আহিবৰ বাবে আহ্বান জনাইছো। "

লগতে পঢ়কঃকেবৰ বিৰোধিতাৰে শৰাইঘাটলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ জোঁৰ সমদল

ABOUT THE AUTHOR

...view details