অসম

assam

ETV Bharat / state

কণ্ঠশিল্পীৰ মাননি বৃদ্ধিক লৈ বিপাঙত ৰাজ্যৰ বিহু কমিটি - কোনগৰাকী কণ্ঠশিল্পীৰ কিমান মাননি

ঢোল-পেঁপা-গগণাৰ মাতত ৰজন জনাইছে সমগ্ৰ ৰাজ্য ৷ কাৰণ পদূলিমুখ পালেহি অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু ৷ অসমীয়াৰ আয়ুসৰেখা স্বৰূপ হেঁপাহৰ ৰঙালীক আদৰিবলৈ ৰাজ্যৰ সৰ্বত্ৰে এতিয়া প্ৰস্তুতি তুংগত উঠিছে ৷ সমান্তৰালভাৱে কৰ'ণাতংক আৰু চৰকাৰী নীতি-নিৰ্দেশনাৰ মাজেৰে সাজু কৰি তোলা হৈছে বিহুমঞ্চ ৷ আনকি বিহুমঞ্চত খলকনি তুলিবলৈ সাজু হৈছে ৰাজ্যৰ প্ৰায় 5 শতাধিক কণ্ঠশিল্পী ৷ কিন্তু এইবাৰ কণ্ঠশিল্পীসকলক বিহুমঞ্চত পাবলৈ হ'লে বিহু কমিটিসমূহে ভৰিব লাগিব মোটা অংকৰ ধন ৷ পিছে কোনগৰাকী কণ্ঠশিল্পীৰ কিমান মাননি ?

কণ্ঠশিল্পীৰ মাননি বৃদ্ধিক লৈ বিপাঙত ৰাজ্যৰ বিহু কমিটি
কণ্ঠশিল্পীৰ মাননি বৃদ্ধিক লৈ বিপাঙত ৰাজ্যৰ বিহু কমিটি

By

Published : Apr 11, 2021, 10:09 PM IST

গুৱাহাটী,১১ এপ্ৰিলঃবসন্ত আগমনৰ লগে লগে ন-কুঁহিপাতে সেউজ কৰি তুলিছে ধৰিত্ৰী ৷ পৰিৱেশে দিলে বিহুৰ বতৰা । চাওঁতে চাওঁতে পদূলিমুখ পালেহি অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু । হেঁপাহৰ-আদৰৰ ৰঙালী বিহুলৈ মাজত মাত্র দুটা দিন বাকী । অসমীয়া নতুন বছৰ আৰু ৰঙালী বিহুক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী । বিগত বৰ্ষৰ এই সময়চোৱা সমগ্ৰ ৰাজ্য স্তব্ধ হৈ আছিল । কৰ’ণা মহামাৰীৰ আতংক আৰু লক ডাউনৰ বাবে ৰাজ্যবাসী ঘৰতে আৱদ্ধ হৈ থাকিবলগীয়া হৈছিল । এইবাৰ ৰাজ্যবাসীয়ে হেঁপাহৰ ৰঙালী বিহু উদযাপনৰ বাবে সাজু হৈছে যদিও কৰ’ণাৰ দ্বিতীয় ঢৌৱে সকলোকে উদ্বিগ্ন কৰি তুলিছে ।

ইতিমধ্যে চৰকাৰে কৰ’ণাৰ দ্বিতীয় ঢৌৰ প্ৰতি লক্ষ্য ৰাখি বিহু উদযাপনৰ ক্ষেত্রত কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে । কৰ’ণাতংক আৰু চৰকাৰী নীতি-নিৰ্দেশনাৰ মাজতে অসমীয়াৰ আয়ুসৰেখা স্বৰূপ আদৰৰ বিহুটিক আদৰিবলৈ ৰাজ্যৰ সৰ্বত্র প্ৰস্তুতি চলোৱা হৈছে । ঢোল-পেঁপা-গগণাৰ মাতত ৰজন-জনাইছে ৰাজ্য । সাজু কৰি তোলা হৈছে বিহু মঞ্চসমূহ ।

কণ্ঠশিল্পীৰ মাননি বৃদ্ধিক লৈ বিপাঙত ৰাজ্যৰ বিহু কমিটি

ইফালে বিহুমঞ্চত খলকনি তুলিবলৈ সাজু হৈছে কণ্ঠশিল্পীসকল । উল্লেখ্য যে, বিগত বৰ্ষত কৰ’ণাকালীন পৰিস্থিতি আৰু লক ডাউনৰ বাবে বিহুৰ অনুষ্ঠান কৰিব নোৱাৰাত কণ্ঠশিল্পীসকলৰো যথেষ্ট লোকচান হৈছিল । এইবাৰ শিল্পীসকলে বিহুমঞ্চত অনুষ্ঠান কৰাৰ সুবিধা পাইছে যদিও মাননিক লৈ সমস্যাত পৰিছে আয়োজকসকল । কাৰণ কণ্ঠশিল্পীসকলে এইবাৰ মাননিৰ পৰিমাণ বহু বেছি ধাৰ্য কৰাত মঞ্চবিহুৰ আয়োজকসকলৰ অংকত জটিলতাই দেখা দিছে । বিশেষকৈ বিগত বৰ্ষত ক'ভিড পৰিস্থিতিয়ে আৰ্থিকভাৱে লোকচান কৰাৰ দোহাই দি সৰহসংখ্যক শিল্পীয়েই এইবাৰ মাননিৰ পৰিমাণ বৃদ্ধি কৰা বুলি আয়োজক সমিতিসমূহে অভিযোগ কৰিছে ।

এইবাৰ প্ৰায় সংখ্যক কণ্ঠশিল্পীৰে মাননিৰ পৰিমাণ বৃদ্ধি পাইছে । জানিব পৰা মতে, হাৰ্টথ্ৰ'ব জুবিন গাৰ্গে এইবাৰ একোটা অনুষ্ঠান পৰিৱেশনৰ বাবদ ৫-৮ লাখ টকা ধাৰ্য কৰিছে । এইবাৰ জুবিন গাৰ্গে ২০-২৫ খন মান মঞ্চত বিহুৰ অনুষ্ঠান পৰিৱেশন কৰিব । সেইদৰে অংগৰাগ মহন্তই (পাপন) অনুষ্ঠান পৰিৱেশনৰ বাবদ ৬-৮ লাখ টকা ধাৰ্য কৰিছে ।

সেইদৰে, প্ৰিয়ংকা ভৰালীয়ে ২-৪ লাখ টকা, তৰালী শৰ্মাই ২-৪ লাখ টকা, নীল আকাশে ৪.৫০-৫ লাখ টকা, প্ৰতিখন মঞ্চৰ বাবে আচুৰ্য বৰপাত্ৰই মাননি ধাৰ্য কৰিছে 3-4 লাখ টকা, মণ্টুমণি শইকীয়াই এইবাৰ মাননিৰ পৰিমাণ ধাৰ্য কৰিছে 2.30-3.30 লাখ টকা, কৃষ্ণমণি নাথে ২-৩ লাখ টকা, বাবু বৰুৱাই ২.৫০-৩ লাখ টকা, দীপলিনা ডেকাই মাননিৰ পৰিমাণ ধাৰ্য কৰিছে 2-3 লাখ টকা, বৰ্ণালী কলিতাই ২.৫০-৩.৫০ লাখ টকা, নিৰ্মালী দাসে ২.৫০-৩ লাখ টকা, জীনা ৰাজকুমাৰীয়ে ১.২০-২ লাখ টকা, বেহাৰবাৰী আউটপ'ষ্ট দলেও 1-1.50 লাখ টকা ধাৰ্য কৰিছে ।

তদুপৰি, কণ্ঠশিল্পী মানস ৰবীন, অনুপম শইকীয়া, কুসুম কৈলাশ, সীমান্ত শেখৰ, ভৃগু কাশ্যপ, দীক্ষু, বিপিন চাওদাং, ৰাকেশ ৰিয়ান, নেকিব, ভিতালী দাসকে ধৰি ৰাজ্যৰ বহুকেইগৰাকী শিল্পীয়ে ২-৩ লাখ টকা মাননি একোটা অনুষ্ঠান পৰিৱেশনৰ বাবদ ধাৰ্য কৰিছে । ৰাজ্যৰ প্ৰায় প্ৰতিগৰাকী কণ্ঠশিল্পীয়ে এইবাৰ মাননিৰ পৰিমাণ কম-বেছি পৰিমাণে বৃদ্ধি কৰিছে । কিন্তু কৰ’ণাকালত ৰাজ্যৰ জনপ্ৰিয় কণ্ঠশিল্পীসকলে মাননিৰ ধন বৃদ্ধি কৰাত বহুকেইখন বিহু আয়োজক কমিটিয়ে গীত পৰিৱেশনৰ বাবে বহুকেইগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীক আমন্ত্রণ কৰাৰ সিদ্ধান্ত লৈও পাছত বাতিল কৰিবলগীয়া হৈছে বুলি জানিব পৰা গৈছে ৷ মন কৰিবলগীয়া কথা যে, ৰাজ্যৰ জনপ্ৰিয় কণ্ঠশিল্পীসকলৰ মাননিৰ ধন বৃদ্ধি পোৱাত এতিয়া বাৰুকৈয়ে বিপাঙত পৰিছে বিহু কমিটিসমূহ ৷

লগতে পঢ়ক:হৰ্ছ ট্ৰেডিঙৰ ভূতে খেদিছে কংগ্ৰেছ মহাজোঁটক

ABOUT THE AUTHOR

...view details