গুৱাহাটী, 29 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ক্ষান্ত হোৱা নাই গণ আন্দোলন ৷ সমগ্ৰ অসমত এই আন্দোলন অব্যাহত আছে । সৰ্বসাধাৰণৰ পৰা আৰম্ভ কৰি দল-সংগঠন, ছাত্ৰ সমাজ, শিল্পী, বুদ্ধিজীৱী সকলোৱে কৰিছে এই আইনৰ বিৰোধিতা ৷ মহানগৰীৰ লতাশিল খেলপথাৰত দেওবাৰে শিল্পীসমাজ পৃষ্ঠপোষকতাত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ শিল্পীসকলে জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰা আৰম্ভ কৰি ভূপেন হাজৰিকাদেৱৰ কালজয়ী গীতসমূহ পৰিৱেশন কৰি সাব্যস্ত কৰে প্ৰতিবাদ ।
লতাশিলত শিল্পী সমাজৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ
মহানগৰীৰ লতাশিল খেলপথাৰত দেওবাৰে শিল্পীসমাজৰ পৃষ্ঠপোষকতাত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ শিল্পীসকলে জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰা আৰম্ভ কৰি ভূপেন হাজৰিকাদেৱৰ কালজয়ী গীতসমূহ পৰিৱেশন কৰি সাব্যস্ত কৰে প্ৰতিবাদ ।
লতাশিলত শিল্পী সমাজৰ চি এ এ বিৰোধী প্ৰতিবাদ
উক্ত অনুষ্ঠানত জে পি দাস, শান্তা উজীৰ, মনীষা হাজৰিকাকে ধৰি বহু শিল্পী উপস্থিত থাকে ৷ বিশিষ্ট সংগীত শিল্পী জে পি দাসে একালৰ বিপ্লৱীসকলে লিখা বহু গান আৰু দেশপ্ৰেমমূলক গীতেৰে মুখৰিত হৈছে লতাশিল বুলি প্ৰকাশ কৰে । নাগৰিকত্ব সংশোধনী আইন বাতিল নকৰা পৰ্যন্ত অসমৰ জনগণে চলাই যাব প্ৰতিবাদ । এই বিপ্লৱৰ শেষ নিৰ্ধাৰণ কৰিব চৰকাৰৰ নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কে গ্ৰহণ কৰা পৰৱৰ্তী সিদ্ধান্তৰ ওপৰত ৷