এজাক বৰষুণতে বুৰ গ'ল মহানগৰীৰ ৰাজপথ - গুৱাহাটী পৌৰনিগম
কৃত্ৰিম বানৰ বাবেই চলাচলত অসুবিধাৰ সন্মুখীন হয় মহানগৰবাসী ৷ ৰাইজৰ অসুবিধাৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ পৌৰনিগমৰ লগতে গড়কাপ্তানী বিভাগৰ বিৰুদ্ধে ৷
![এজাক বৰষুণতে বুৰ গ'ল মহানগৰীৰ ৰাজপথ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4435504-thumbnail-3x2-guwahati-flood.jpg)
গুৱাহাটী, 14 ছেপ্টেম্বৰ: এজাক বৰষুণতে বুৰ গ'ল মহানগৰীৰ ভি আই পি পথ ৷ গুৱাহাটী পৌৰনিগমৰ চৰম দায়িত্বজ্ঞানহীনতাৰ বাবেই কৃত্ৰিম বানে জুৰুলা কৰিছে ভি আই পি পথেৰে অহা যোৱা কৰা যাত্ৰীক ৷ ইমানৰ পাছতো আজিলৈকে সংশ্লিষ্ট বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ পথাচাৰীৰ ৷ প্ৰায়ে কৃত্ৰিম বানৰ বাবে পথাচাৰীয়ে ভুগিব লগা হয় যমৰ যাতনা ৷ বৰষুণৰ ফলত পথটোত জমা হোৱা পানী ওলায় যাব নোৱাৰাৰ বাবেই সৃষ্টি হয় কৃত্ৰিম বানৰ ৷ পথটোত নাই উন্নত নলাৰ ব্যৱস্থা ৷ যাৰ ফলত এজাক বৰষুণতে সদাব্যস্ত পথটোত সৃষ্টি হয় একাঁঠু পৰ্যন্ত পানী ৷ কৃত্ৰিম বানৰ বাবেই চলাচলত অসুবিধাৰ সন্মুখীন হয় মহানগৰবাসী ৷ ৰাইজৰ অসুবিধাৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ পৌৰনিগম লগতে গড়কাপ্তানী বিভাগৰ বিৰুদ্ধে ৷ এনে অৱস্থাত পথটোত হোৱা কৃত্ৰিম বান কেনেদৰে নিয়ন্ত্ৰণ কৰে সেয়া লক্ষণীয় ৷