অসম

assam

ETV Bharat / state

Artifical flood in Guwahati : নলাৰ অব্যৱস্থাপনাৰ ফলত গুৱাহাটীত কৃত্ৰিম বান - নলাৰ অব্যৱস্থাপনাৰ ফলত গুৱাহাটীত কৃত্ৰিম বান

পাথৰকুঁৱৰী-সাতগাঁও সংযোগী পথত কৃত্ৰিম বান ৷ সমস্যাত সৰ্বসাধাৰণ ৷ ব্যাহত সাধাৰণ জীৱন-যাত্ৰা ৷

Artifical flood at satgaon
পাথৰকুঁৱৰী-সাতগাঁও সংযোগী পথত কৃত্ৰিম বান

By

Published : Jul 22, 2023, 1:36 PM IST

নলাৰ অব্যৱস্থাপনাৰ ফলত গুৱাহাটীত কৃত্ৰিম বান

গুৱাহাটী, 22 জুলাই: বাৰিষাৰ পূৰ্বে মহানগৰীৰ বাট পথ নিৰ্মাণ, মেৰামতিৰ লগতে নলা-নৰ্দমাসমূহ পৰিষ্কাৰ নকৰাৰ ফলত এজাক বৰষুণতে কৃত্ৰিম বানত বুৰ যায় মহানগৰীৰ বিস্তীৰ্ণ অঞ্চল । বুধবাৰৰ নিশাৰ ভাগত অহা এজাক বৰষুণৰ ফলত মহানগৰীৰ আন আন ঠাইৰ লগতে পাথৰকুঁৱৰী-সাতগাঁও সংযোগী পথত সৃষ্টি হয় কৃত্ৰিম বানৰ । এজাক বৰষুণতে সাতগাঁৱত অৱস্থিত এছ অফ এছ (SFS) স্কুলৰ পৰা সাতগাঁও ৰেললাইন পৰ্যন্ত প্ৰায় 1 কিলোমিটাৰ পৰ্যন্ত ব্যস্ত পথচোৱা একাঠু পানীৰে উপচি পৰে ৷ ইয়াৰ ফলত পথচাৰীসকলৰ লগতে যান-বাহন চালকসকলে যাতায়াতৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগিব লগা হয় । ইয়াৰে মাজতে একাংশ লোকে হাতত চেণ্ডেল, জোতা লৈ দৈনন্দিক কাম-কাজ সমাপন কৰিবলৈ বাধ্য হয় ।

আনকি পথটোত অৱস্থিত নিৰ্দিষ্ট বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলেও বিদ্যালয়লৈ আহি যথেষ্ট সমস্যাৰ সন্মুখীন হ’বলগীয়াত পৰে । উল্লেখ্য যে, নলাৰ অব্যৱস্থাপনাৰ ফলত পাথৰকুঁৱৰী সাতগাঁও সংযোগী মূল পথচোৱা পুৱাৰ পৰা নিশাৰ ভাগলৈকে পৰ্যন্ত জলমগ্ন হৈ থাকে । যাতায়তৰ ক্ষেত্ৰত অসুবিধা ভোগাৰ সন্মুখীন হোৱা লোকসকলে অধিক ধন আদায় দি ৰিক্সাৰে পথচোৱা পাৰ হ’বলৈ বাধ্য হৈ পৰে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷ ৰিক্সা;ালকবোৰে 50 ৰ পৰা 100 টকা পৰ্যন্ত ভাৰা আদায় লয় বুলি উল্লেখ কৰে যাত্ৰীসকলে ।

দুৰ্ভাগ্যজনক বিষয় যে, কৃত্ৰিম বানপানীৰ ফলত SFS স্কুলৰ সন্মুখভাগ জলমগ্ন হৈ পৰাৰ বাবে বিদ্যালয়ৰ পাঠদানো ব্যাহত হৈ পৰে । মূলত: নলাৰ সমস্যাৰ বাবেই বৰষুণৰ পানী ওলাই যাব নোৱাৰি সাধাৰণ এজাক বৰষুণৰ পিছতে পথচোৱা জলমগ্ন হৈ পৰে আৰু সংশ্লিষ্ট বিভাগ তথা চৰকাৰে বিষয়টোত গা এৰা দিয়া মনোভাৱ পোষণ কৰি অহা বুলি ভুক্তভোগী স্থানীয় লোকসকলে জানিবলৈ দিয়ে ।

লগতে পঢ়ক :Darang Sahitya Sabha Foundation Day : দৰং জিলা সাহিত্য সভাৰ 51 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

ABOUT THE AUTHOR

...view details