গুৱাহাটী,১৮ জানুৱাৰী :ৰাজ্যৰ ৩৩ খন জিলাৰ ভিতৰত ২০ খন জিলাৰ ভূ-গৰ্ভস্থ পানীত মাত্ৰাধিক আৰ্ছেনিক আৰু ফ্ল'ৰাইডৰ অৱস্থিতি ধৰা পৰিছে (Arsenic and fluoride found in Assam waters) ৷ কেন্দ্ৰীয় চৰকাৰৰ তথ্য মতে ৰাজ্যৰ মুঠ জনসংখ্যাৰ প্ৰায় ৪৫ শতাংশ মানুহে প্ৰাণঘাতী আৰ্ছেনিক আৰু ফ্ল'ৰাইডযুক্ত পানী সেৱন কৰি আছে ৷ খোৱাপানী আৰু অনাময় মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় গ্ৰাম্য খোৱাপানী কাৰ্যসূচীৰ তথ্য মতে, ৰাজ্যৰ ২০ খন জিলাৰ ২২৮২ টা চুবুৰিৰ ভূ-গৰ্ভস্থ পানীত মাত্ৰাধিক আৰ্ছেনিক আছে ৷ আকৌ ৰাজ্যৰ ৭ খন জিলাৰ ২৬৭ টা চুবুৰিৰ ভূ-গৰ্ভস্থ পানীত মাত্ৰাধিক ফ্ল'ৰাইড পোৱা গৈছে ৷
তথ্য মতে, বাক্সা জিলাৰ ৮৭৬ টা চুবুৰিত, নলবাৰী জিলাৰ ৬৫৭ টা চুবুৰিত, বৰপেটা জিলাৰ ১২৭ টা চুবুৰিত, যোৰহাট জিলাৰ ১৭ টা চুবুৰিত, মাজুলী জিলাৰ ২১১ টা চুবুৰিত, দৰং জিলাৰ ১২১ টা চুবুৰিৰ ভূ-গৰ্ভস্থ পানীত প্ৰাণঘাতী আৰ্ছেনিক পোৱা গৈছে ৷ আকৌ ধুবুৰী জিলাৰ ৮৫ টা চুবুৰি, দক্ষিণ শালমাৰা মানকাচাৰ জিলাৰ ৭৬ টা চুবুৰি, গোলাঘাট জিলাৰ ৭২ টা চুবুৰি, ধেমাজী জিলাৰ ৬২ টা চুবুৰিৰ ভূ-গৰ্ভস্থ পানীত সবাৰ্ধিক প্ৰাণঘাতী আৰ্ছেনিক পোৱা গৈছে ৷ ইয়াৰ পৰা দেখা যায় যে বাক্সা, নলবাৰী, বৰপেটা, মাজুলী আৰু দৰং জিলাৰ ভূৰ্গভস্থ পানীত আৰ্ছেনিকে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷
ইপিনে খোৱাপানী আৰু অনাময় মন্ত্ৰালয়ৰ তথ্য মতে, ওডালগুৰি জিলাৰ ৭৯ টা চুবুৰি, ধুবুৰী জিলাৰ ৫৩ টা চুবুৰি, নলবাৰী জিলাৰ ২১ টা চুবুৰি আৰু কাৰ্বি আংলং জিলাৰ ১৫ টা চুবুৰীৰ ভূ-গৰ্ভস্থ পানীত প্ৰাণঘাতী ফ্ল'ৰাইড পোৱা গৈছে ৷