অসম

assam

By

Published : Sep 16, 2020, 5:15 AM IST

ETV Bharat / state

জালুকবাৰী আৰক্ষী চকীৰ পৰা পলাল আচামী

জালুকবাৰী আৰক্ষী চকীৰ পৰাই পলায়ন আটকাধীন চোৰৰ ৷ দুদিন পূৰ্বে আৰক্ষীয়ে কৰায়ত্ব কৰা ৰুবুল আলী নামৰ এটা চোৰে পলায়ন কৰিছে আৰক্ষী জিম্মাৰ পৰা ৷ বৰ্তমানলৈকে আৰক্ষীয়ে কোনো শুংসূত্ৰ পোৱা নাই চোৰটোৰ ৷

arrested thief flee from jalukbari police station
আৰক্ষী চকীৰ পৰা পলাল আচামী

গুৱাহাটী, 15 ছেপ্টেম্বৰ : পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছে জালুকবাৰী আৰক্ষী চকী । এইবাৰ আৰক্ষীৰ জিম্মাৰ পৰা পলাল দুৰ্ধৰ্ষ চোৰ । দুদিন পূৰ্বে চুৰি ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত জালুকবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৰুবুল আলী নামৰ এটা চোৰক । কিন্তু জালুকবাৰী আৰক্ষীৰ চৰম দায়িত্বজ্ঞানহীনতাৰ সুযোগ লৈ আৰক্ষী চকীৰ পৰাই পলায়ন কৰে চোৰটোৱে ।

আৰক্ষীৰ সন্মুখতেই আৰক্ষী চকীৰ পৰা আচামীয়ে পলায়ন কৰা ঘটনাত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । জালুকবাৰী আৰক্ষীৰ গাফিলতিৰ বাবেই সংঘটিত হৈছে এই ঘটনা । পলাতক চোৰটোক বিচাৰি আৰক্ষীয়ে অভিযান চলাই আছে যদিও কোনে শুংসূত্ৰ লাভ কৰা নাই । ইফালে জালুকবাৰী আৰক্ষী চকীৰ এইয়াই প্ৰথম আচামী পলায়ন কৰা ঘটনা নহয় । পূৰ্বেও কেইবাৰো দুৰ্ধৰ্ষ অপৰাধী আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰাৰ বাতৰিয়ে সংবাদ শিৰোনাম দখল কৰিছিল ৷

লগতে পঢ়ক :নগাঁৱত ৰহস্যজনকভাৱে মৃত্যু গুৱাহাটীৰ মহিলাৰ

ABOUT THE AUTHOR

...view details