অসম

assam

ETV Bharat / state

জামিন পায়ো মুকলি আকাশৰ তললৈ নাহিল ভিক্টৰ দাস

দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আৰক্ষীৰ ৰোষত পৰা ভিক্টৰ দাসৰ জামিন আবেদন মঞ্জুৰ কৰা হ’ল শুকুৰবাৰে(Victor Das got bail) ৷ কিন্তু যাৱতীয় কাম সম্পূৰ্ণ নোহোৱাৰ বাবে শুকুৰবাৰে মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম নহ’ল ভিক্টৰ দাস ৷

জামিন পায়ো মুকলি আকাশৰ তললৈ নাহিল ভিক্টৰ দাস
জামিন পায়ো মুকলি আকাশৰ তললৈ নাহিল ভিক্টৰ দাস

By

Published : Sep 16, 2022, 8:40 PM IST

Updated : Sep 16, 2022, 9:20 PM IST

গুৱাহাটী, ১৬ ছেপ্টেম্বৰ: জামিন পায়ো শুকুৰবাৰে মুকলি আকাশৰ তললৈ নাহিল শিক্ষক ভিক্টৰ দাস । আদালতৰ যাৱতীয় কাম সম্পূৰ্ণ নোহোৱাৰ বাবে থানাতে থাকিবলগীয়া হ’ল ভিক্টৰ ।

উল্লেখ্য যে শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ভিক্টৰ দাসৰ জামিন মঞ্জুৰ কৰে (Victor Das got bail)। আৰক্ষীৰ এজাহাৰত আদালতে কোনো তথ্য বিচাৰি নোপাৱাৰ ফলত আদালতে মঞ্জুৰ কৰে অভিযোগ দিবলৈ গৈ অভিযুক্ত হোৱা ভিক্টৰ দাসৰ জামিন আবেদন ৷ আনহাতে ৬ দিনীয়া জেৰাতো আৰক্ষীয়ে কোনো তথ্য বিচাৰি নাপালে ভিক্টৰৰ পৰা (Victor das in police custody)।

ইফালে ভিক্টৰ দাসৰ বিৰুদ্ধে আৰক্ষীয়ে আৰোপ কৰা ৬ টা ধাৰাই ভিত্তিহীন বুলি মন্তব্য কৰে ভিক্টৰ দাসৰ অধিবক্তা অংশুমান বৰাই(Advocate of Victor das) । অধিবক্তাৰ যুক্তি শুনাৰ পাছত গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে ভিক্টৰ দাসৰ জামিন আবেদন । উল্লেখ্য যে ভিক্টৰ দাসৰ মন্তব্যই সমাজত দুটা ফৈদৰ সৃষ্টি কৰিব বুলি চৰকাৰী অধিবক্তা প্ৰদৰ্শন কৰা যুক্তি ন্যায়ালয়ে নাকচ কৰে ।

ভিক্টৰ দাসৰ অধিবক্তা

উল্লেখ্য যে, অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্ৰ্থ বৰ্গৰ নিযুক্তিৰ ক্ষেত্ৰত ধনৰ লেন-দেন হোৱাৰ অভিযোগ উত্থাপন কৰিছিল ভিক্টৰ দাস নামৰ শিক্ষকগৰাকীয়ে (Assam recruitment scam allegation)৷ শিক্ষকগৰাকীৰ এই অভিযোগৰ পাছতেই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছিল ৷ ইয়াৰ পাছতে অসম আৰক্ষীয়ে ভিক্টৰ দাসক সোধা-পোছা কৰাৰ অন্তত 6 টাকৈ ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰিছিল ৷

অভিযোগ উত্থাপন কৰাৰ বাবেই বিভিন্ন ধাৰাৰ অধীনত ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱাৰ পাছত পুনৰ 6টা দিন জিম্মাত লৈছিল আৰক্ষীয়ে ৷

লগতে পঢ়ক:বিদ্য়ুৎ মাচুল চৰকাৰে বঢ়োৱা নাই: মুখ্যমন্ত্ৰী

Last Updated : Sep 16, 2022, 9:20 PM IST

ABOUT THE AUTHOR

...view details