গুৱাহাটী, 24 জুলাই :গৰুৰ চোৰাং সৰবৰাহকাৰীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰ কঠোৰ হৈছে যদিও ৰাজ্যৰ পৰা বহিঃৰাজ্যলৈ এতিয়াও গৰু সৰবৰাহ অব্যাহত আছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপকভাৱে বৃদ্ধি হৈছে গৰুৰ চোৰাং বেহা ৷ আৰক্ষীৰ কটকটীয়া বেষ্টনীৰ পিছতো ন ন কৌশলেৰে গৰুৰ চোৰাং সৰবৰাহ অব্যাহত ৰাখিছে সৰবৰাহকাৰীয়ে ৷ অসমৰ পৰা গুৱাহাটীৰে বহিঃৰাজ্যলৈ গো-ধন সৰবৰাহ হৈ আছে ৷ সৰবৰাহকাৰীয়ে কৌশলেৰে গুৱাহাটীৰ মাজেৰে চুবুৰীয়া ৰাজ্য মেঘালয়লৈ শ শ গৰু সৰবৰাহ কৰি আহিছে ৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা চোৰাং গৰু লৈ সৰবৰাহকাৰীয়ে খানাপাৰা, যোৰাবাট হৈ মেঘালয়লৈ সৰবৰাহ কৰি আহিছে পশুধন ৷ যোৰাবাট আৰক্ষীয়ে অভিযান চলায় চলিত বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা 16 জুলাই পৰ্যন্ত 560 তকৈ অধিক চোৰাং গৰু জব্দ কৰাৰ লগতে অৰ্ধশতাধিক গো সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি জেল হাজাতলৈ প্ৰেৰণ কৰিছে ৷
লগতে পঢ়ক :Guwahati Accident: গুৱাহাটীৰ ৰাজপথৰ উন্মুক্ত গাঁতে পুনৰ প্ৰাণ কাঢ়িলে আন এজন ছাত্ৰৰ