অসম

assam

ETV Bharat / state

Fake gold racket in Assam: ডেৰ শতাধিক নকল সোণৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ; শীৰ্ষত লখিমপুৰ জিলা - Crackdown fake gold racket

নকল সোণৰ ব্যৱসায়ী চক্ৰৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ অভিযান ৷ এই অভিযানত ডেৰ শতাধিক নকল সোণৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ৷ আৰক্ষী উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুৰ সৈতে যে নকল সোণৰ এক বৃহৎ নেক্সাছ জড়িত আছিল সেই কথাও ইতিমধ্যেই প্ৰায় স্পষ্ট হৈ পৰিছে (Crackdown on fake gold racket) ৷

Fake gold racket in Assam
Fake gold racket in Assam

By

Published : May 30, 2023, 6:32 AM IST

Updated : May 30, 2023, 7:56 AM IST

গুৱাহাটী, 30 মে’: উপ-আৰক্ষী পৰিদৰ্শক জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ গতিক লৈ প্ৰশ্ন উঠিলেও সমান্তৰালভাৱে কিন্তু নকল সোণৰ ব্যৱসায়ৰ লগত জড়িত ব্যৱসায়ীৰ বিৰুদ্ধে অসম পুলিচৰ অভিযান অব্যাহত আছে ৷ যোৱা ১৫ দিনত ৰাজ্যত ১৬০ জন নকল সোণৰ লগত জড়িত লোকক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যাৰে শীৰ্ষত আছে লখিমপুৰ জিলা (Fake gold racket in Lakhimpur) ৷

জোনমণি ৰাভাৰ মৃত্যুৰ আঁৰৰ ৰহস্যত যে নকল সোণৰ এক বিশাল নেক্সাছ জড়িত আছিল সেই কথা প্ৰায় স্পষ্ট হৈ পৰিছে (SI Junmoni Rabha death case) ৷ অসম আৰক্ষীয়ে নকল সোণৰ ব্যৱসায়ৰে জড়িত লোকৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান অব্যাহত ৰাখিছে ৷ যোৱা ১৫ মে’ৰ পৰা অসম আৰক্ষীয়ে নকল সোণৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে (Fake gold smuggling in Assam) ৷

নকল সোণ ব্যৱসায়ীৰ বিৰুদ্ধে অব্যাহত অভিযান

ইয়াৰ ভিতৰত গুৱাহাটী মহানগৰত ৩ জন, কামৰূপত ৬, বৰপেটাত ৪, নগাঁৱত ৮, শোণিতপুৰত ৪৫, লখিমপুৰত ৬৩ জন, গোলাঘাটত ২, মৰিগাঁৱত ১১, বঙাইগাঁৱত ২, চিৰাঙত ১, বিশ্বনাথ চাৰিআলিত ১০, হোজাইত ৩ আৰু তামুলপুৰত ১ জন নকল সোণৰ অসাধু ব্যৱসায়ী আৰু সৰবৰহকাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী (Fake gold smuggler arrested) ৷

অসম আৰক্ষীয়ে জনোৱা মতে ইতিমধ্যে ৰাজ্যখনত বিভিন্ন থানাত ডেৰ শতাধিক গোচৰ নকল সোণৰ ব্যৱসায়ী চক্ৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ৷ আৰক্ষীয়ে এই অভিযানত নকল সোণৰ উপৰিও জালনোট, নকল সোণ, লেপটপ, কম্পিউটাৰ আদিকে ধৰি বিভিন্ন সামগ্ৰীও জব্দ কৰিছে ৷ নকল সোণৰ এন বহৎ চক্ৰটোৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অভিযান অব্যাহত থাকিব বুলি সদৰী কৰিছে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ে (Fake gold racket busted) ৷

ৰাজ্যৰ বিভিন্ন জিলাত গ্ৰেপ্তাৰ নকল সোণ ব্যৱসায়ী

মন কৰিবলগীয়া যে নগাঁও আৰু লখিমপুৰৰ নকল সোণৰ চোৰাং বজাৰৰ বিবাদৰ সৈতে লখিমপুৰ আৰক্ষী আৰু নগাঁও আৰক্ষী সাঙুৰ খাই বিতৰ্কত সোমাই পৰিছিল ৷ তাৰে ৰহস্যজনক ঘটনাৰ পাক চক্ৰত মৃত্যুক সাৱটি ল’ব লগা হ’ল উপ-আৰক্ষী পৰিদৰ্শক জোনমণি ৰাভাই ৷ ঘটনাৰ সৈতে জড়িত দুয়োখন জিলাৰ ভিতৰত লখিমপুৰ জিলাত ৬৩ জনক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে কিন্তু আনখন জিলা নগাঁৱত মাত্ৰ ৮ জনকহে নকল সোণৰ গোচৰত এতিয়ালৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে (Crackdown fake gold racket) ৷

লগতে পঢ়ক:Gold Loan company : ধুবুৰীত আশীৰ্বাদ গোল্ড লোন ফাইনেন্স কোম্পানীৰ পাঁচ কৰ্মচাৰীক আটক

Last Updated : May 30, 2023, 7:56 AM IST

ABOUT THE AUTHOR

...view details