গুৱাহাটী, ২৪ ডিচেম্বৰ: বিশ্বৰ বজাৰত অসমৰ চাহৰ মৰ্যাদা আৰু গৰিমাই সুকীয়া । ভাৰতবৰ্ষত উৎপাদিত মুঠ চাহৰ ৫০ শতাংশতকৈ অধিক চাহ কেৱল অসমে উৎপাদন কৰে । সোৱাদৰ ক্ষেত্ৰতো অনন্য অসমৰ চাহ। এই অনন্য সোৱাদক আৰু অধিক সোৱাদযুক্ত তথা ভিন্নতাৰে সজাই বিশ্বৰ চাহপ্ৰেমীৰ মাজলৈ লৈ যোৱাৰ চেষ্টা চলাইছে এগৰাকী অসমীয়া উদ্যোগীয়ে ।
এসময়ত উজনি অসমৰ বিভিন্ন বৃহৎ চাহ গোষ্ঠীৰ মালিকানাধীন বাগিচাত প্ৰশাসনিক সেৱা আগবঢ়োৱা ৰঞ্জিৎ বৰুৱাই অসমৰ চাহক নতুন ৰূপত, নতুন সোৱাদেৰে মানুহৰ মাজলৈ লৈ যোৱাৰ সপোন দেখি বাগিচাৰ চাকৰি ইস্তফা দি নিজে প্ৰতিষ্ঠা কৰে এটা নতুন কোম্পানী । নাম দিয়ে "এৰ'মিকা টি" । পত্নী ডলী শৰ্মা বৰুৱাৰ সৈতে লগ লাগি ৰঞ্জিৎ বৰুৱাই প্ৰতিষ্ঠা কৰা এৰ'মিকা টিয়ে আজিৰ তাৰিখত উৎপাদন কৰে 32 বিধ ভিন্ন সোৱাদযুক্ত চাহ । তাৰ ভিতৰত অন্যতম কেইবিধমান হৈছে ব্লু টি, থলুৱা অসমীয়া সোৱাদৰ চেলেকা চাহ, বান বাতি চাহ, ভোট জলকীয়া চাহ, তন্দুৰি চাহ, মলাই মচালা চাহ, কক'নাট গোল্ডেন মিল্ক টি, হোৱাইট টি, ঢেকী ব্লেক টি উইডাউট মিল্ক, ঢেকী জিঞ্জাৰ মিল্ক টি, ফায়াৰ মচালা টি, ব্লুমিং টি, ৰ'জ গ্ৰীণ টি ষ্টিক, এৰ'মিকা ইয়েল্ল' টি, ভেলেন্টাইন টি, স্ম'কড্ চিংফৌ স্মোকড টি, অৰেঞ্জ গ্ৰীণ টি, ৰ'জ গ্ৰীণ টি আদি ।