গুৱাহাটী, ৪ অক্টোবৰ: বিশিষ্ট সাংবাদিক, 'ৰিপাব্লিক টিভি'ৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক মুম্বাই আৰক্ষীয়ে অতি দুৰ্ব্যৱহাৰ কৰা আৰু গ্ৰেপ্তাৰ কাৰ্য কঠোৰ ভাষাৰে সমালোচনা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আজি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, সাংবাদিকগৰাকীক গ্ৰেপ্তাৰ কৰাৰ নামত মুম্বাই আৰক্ষীয়ে যি নিৰ্যাতন চলালে সেয়া অমানৱীয় আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ প্ৰতি এক ভাবুকি।
আনহাতে, ৰাজ্যৰ বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো অৰ্ণৱ গোস্বামীৰ ওপৰত হোৱা আক্ৰোশমূলক আচৰণক গৰিহণা দিছে। তেওঁ কয় যে, এটা পুৰণি গোচৰত মুম্বাই আৰক্ষীয়ে সাংবাদিকগৰাকীক গ্ৰেপ্তাৰ কৰি নিজৰে স্বৰূপ উদঙাই দিছে। আজি দুয়োগৰাকী নেতাই টুইটযোগে সাংবাদিকগৰাকীক মোকলাই দিবলৈ দাবী জনায়। সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যয়ো সাংবাদিক অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰৰ ঘটনাক গৰিহণা দি মোকলাই দিবলৈ দাবী জনাইছে । উল্লেখ্য যে, বুধবাৰে পুৱা মুম্বাই আৰক্ষীৰ চি আই ডি শাখাই ২০১৮ চনৰ এটা আত্মহত্যাৰ গোচৰত অৰ্ণৱ গোস্বামীক মুম্বাইস্থিত বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে।