মিৰ্জা, ১৩ নৱেম্বৰ:ৰাজ্যৰ আন প্ৰান্তৰ লগতে শালি ধানৰ খেতিৰ বাবে বিখ্যাত পশ্চিম গুৱাহাটীৰ ৰাণী অঞ্চলৰ পথাৰত এতিয়া শূঁৰ পোকৰ ত্ৰাস । নিশাটোৰ ভিতৰতে শ শ বিঘা ধাননি পথাৰ নষ্ট হৈছে । শূঁৰ পোকে কৃষকৰ কাঢ়িছে টোপনি । ফলত হতাশাত ভুগিছে কৃষক ৰাইজ । উল্লেখ্য যে এতিয়া কৃষকে হাড়ভঙা পৰিশ্রম কৰি পথাৰত ৰোপণৰ কৰা শস্যৰ ফল ধৰা বতৰ । সেউজীয়া ধাননি পথাৰে সোণালী ৰূপ লোৱাৰ সময় । এই সময়ত কৃষকৰ মুখত হাঁহি বিৰিঙে । কিন্তু এতিয়া ৰাণীৰ কৃষকৰ চকুত চকুলো ।
একোখন পথাৰ তহিলং কৰি বিস্তৰভাৱে নষ্ট কৰিছে ধান । ৰাণী অঞ্চলৰ পুৰাণ শুকুৰবৰীয়া বিক্ৰমপুৰকে ধৰি একাংশ কৃষকে উল্লেখ কৰা মতে, এই পোকটোৱে দিনতকৈ নিশাহে ধানৰ থোকৰ ওপৰত আক্রমণ চলায় । নিশাৰ ভাগত শূঁৰ পোকে ধানৰ থোক কাটি কৃষকৰ নিদ্ৰাহৰণ কৰিছে । এনে এক পৰিস্থিতিৰ উদ্ভৱ হৈছে যে বহু কৃষকে ধাননি পথাৰৰ পৰা শস্য চপাই ঘৰলৈ নিয়াৰ সম্ভাৱনা নোহোৱা কৰি পেলাইছে শূঁৰ পোকে ।