গুৱাহাটী,২৫ ডিচেম্বৰ :অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী (Crime in Guwahati)। প্ৰায় প্ৰতিদিনে মহানগৰীত বিভিন্ন ধৰণৰ অপৰাধমূলক কাৰ্যকলাপ সংঘটিত হৈছে । বিভিন্ন প্ৰান্তত চুৰি, ডকাইতি, লুণ্ঠন, অপহৰণ আদিৰ দৰে ঘটনাবোৰ সংঘটিত হোৱাত একপ্ৰকাৰ নিৰাপত্তাহীনতাত ভূগিছে মহানগৰবাসী । অৱশ্যে এনেধৰণৰ অপৰাধমূলক কাৰ্যকলাপ ৰোধৰ বাবে অসম আৰক্ষীয়ে বিভিন্ন পন্থা লৈছে । অপৰাধমূলক কাৰ্যকলাপত জড়িতসকলৰ বিৰুদ্ধেও ঠায়ে ঠায়ে আৰক্ষীয়ে চলাইছে অভিযান ।
তেনে এক অভিযানৰ মাজতে মহানগৰ আৰক্ষীয়ে এক বৃহৎ সফলতা অৰ্জন কৰিছে । নুনমাটি আৰক্ষী, সাতগাঁও আৰক্ষী, পানীখাইতি আৰু গড়চুক আৰক্ষীৰ যুটীয়া এটা বৃহৎ দলে অভিযান চলাই গুৱাহাটীত গ্ৰেপ্তাৰ কৰিছে ৩ টাকৈ কুখ্যাত চোৰক (Three thieves arrested in Guwahati)। চোৰকেইটাৰ লগতে আৰক্ষীয়ে এটা পিষ্টল, এখন চোকা অস্ত্ৰ, ১২ খনকৈ চুৰি মটৰ চাইকেল আৰু ১২ টা মোবাইল ফোন জব্দ কৰিবলৈ সক্ষম হৈছে ।
আৰক্ষীৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ হোৱা চোৰ কেইটা হৈছে ক্ৰমে নাৰেঙ্গীৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ আবাসী পংকজ দাস, হেঙেৰাবাৰীৰ বিশ্বজিত টুমুং আৰু বিপ্লৱ দাস ওৰফে বিজয় দাস । আৰক্ষীৰ দলটোৱে ধৃত বিশ্বজি টুমুঙ আৰু বিপ্লৱ দাসৰ পৰা এটা পিষ্টল, চোকা অস্ত্ৰ আৰু ১০ টা মোবাইল ফোন জব্দ কৰে (Stolen items recovered in Guwahati)। আৰক্ষীয়ে জনোৱা মতে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত মহানগৰৰ ভিন্ন প্ৰান্তত চলোৱা হৈছিল এই অভিযান । আৰক্ষী সূত্ৰে জানিব পৰা মতে অনাগত দিনত আৰু অধিক চুৰি বাহন উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে । লগতে এই ঘটনাত এটা বৃহৎ চোৰৰ গেং জড়িত থকাৰ সম্ভাৱনা থকাৰ কথাও সদৰী কৰিছে আৰক্ষীয়ে ।