অসম

assam

By

Published : Jun 17, 2022, 11:38 AM IST

ETV Bharat / state

অসমৰ বানাক্ৰান্তলৈ আৰ্থিক সাহাৰ্য বলীউড অভিনেতা অৰ্জুন কাপুৰ আৰু পৰিচালক ৰোহিত ছেট্টীৰ

ৰাজ্যৰ বানপীড়িত লোকসকলৰ বাবে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ 5 লাখ টকাৰ সাহাৰ্য আগবঢ়াইছে বলীউড অভিনেতা অৰ্জুন কাপুৰ আৰু পৰিচালক ৰোহিত ছেট্টীয়ে(Arjun Kapoor and Rohit Shetty extend flood relief to Assam) ৷ বৃহস্পতিবাৰে টুইটাৰযোগে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুয়োগৰাকী তাৰকাক কৃতজ্ঞতা জ্ঞাপন কৰে (Assam CM Himanta Biswa Sarma has thanked Bollywood actor) ৷

অসমৰ বানাক্ৰান্তলৈ 5 লাখ টকাৰ সাহাৰ্য বলীউড অভিনেতা অৰ্জুন কাপুৰ আৰু পৰিচালক ৰোহিত ছেট্টীৰ
arjun-kapoor-and-rohit-shetty-extend-flood-relief-to-assam

নেশ্যনেল ডেস্ক, 17 জুন :ৰাজ্যত ক্ৰমাৎ অৱনতি ঘটিছে বান পৰিস্থিতিৰ(Assam flood) ৷ বিগত কিছুদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত বানে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। বানপানীৰ ফলত অসমৰ ২৫ খন জিলাত ১১.০৯ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে ৷

ৰাজ্যখনৰ বানপীড়িত লোকসকলৰ সাহাৰ্যৰ্থে মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ 5 লাখ টকাৰ সাহাৰ্য আগবঢ়াইছে বলীউড অভিনেতা অৰ্জুন কাপুৰ আৰু পৰিচালক ৰোহিত ছেট্টীয়ে(Arjun Kapoor and Rohit Shetty extend flood relief to Assam) ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে টুইটাৰযোগে(Assam CM Himanta Biswa Sarma has thanked Bollywood actor) কৰে যে, "বলীউড অভিনেতা অৰ্জুন কাপুৰ আৰু পৰিচালক ৰোহিত ছেট্টীয়ে মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ ৫ লাখ টকাৰ সাহাৰ্য আগবঢ়াইছে ৷ তেওঁলোকৰ চিন্তা আৰু উদাৰতাৰ বাবে দুয়োজনকে কৃতজ্ঞতা জ্ঞাপন কৰিছো ৷"

উল্লেখ্য যে অসমৰ মানস, পাগলাদিয়া, পুথিমাৰী, কপিলী, গৌৰাং আৰু ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ স্তৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে । অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (এএছডিএমএ) শেহতীয়া তথ্য অনুসৰি এই বানত 72 টা ৰাজহ চক্ৰৰ অধীনৰ 1,510 খন গাঁও বৰ্তমান পানীত বুৰ গৈছে ৷

লগতে চাওক :কট্টৰ নক্সালবাদীৰ পৰা কেনেকৈ এজন অভিনেতা হৈছিল মিথুন চক্ৰৱৰ্তী

For All Latest Updates

TAGGED:

Assam flood

ABOUT THE AUTHOR

...view details