অসম

assam

ETV Bharat / state

চৰকাৰৰ সংস্কাৰমুখী পদক্ষেপে দূৰ কৰিছে প্ৰশাসনীয় প্ৰতিবন্ধকতা : এৰিডা - পি কে শৰ্মা

ৰঙা ফিটাৰ মেৰপাকৰ পৰা মুক্ত হ'ল বহুকেইটা বিষয় । নিৰ্মাণ কাৰ্য বিক্ৰীৰ ক্ষেত্রত পূৰ্বতে থকা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ অনুমতিৰ প্ৰক্ৰিয়া বাতিল কৰা হৈছে । সমগ্ৰ ব্যৱস্থাটো লাট মণ্ডলৰ হস্তক্ষেপ মুক্ত হ'ল । চৰকাৰে কেইবাটাও ক্ষেত্ৰত গ্ৰহণ কৰা সংস্কাৰমুখীৰ পদক্ষেপক লৈ প্ৰতিক্ৰিয়া এৰিডাৰ ৷

areida reacts to government decision
চৰকাৰৰ সংস্কাৰমুখী পদক্ষেপে দূৰ কৰিছে প্ৰশাসনীয় প্ৰতিবন্ধকতা

By

Published : Aug 10, 2021, 10:09 PM IST

গুৱাহাটী,১০ আগষ্ট :সাধাৰণ জনতাৰ স্বাৰ্থ জড়িত কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ক চৰকাৰে ৰঙা ফিটাৰ মেৰপাকৰ পৰা মুক্ত কৰাক লৈ বিশেষভাৱে সন্তুষ্টি প্ৰকাশ কৰিছে অসম ৰিয়েল ষ্টেট ইনফ্ৰাষ্টাকচাৰ ডেভলপাৰ্চ এছচিয়েচন চমুকৈ 'এৰিডা'ই । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে কম সময়ৰ ভিতৰতে জনস্বাৰ্থ জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ ক্ষেত্রত সংস্কাৰ সাধন কৰিছে । এই সংস্কাৰ সমূহৰ দ্বাৰা সাধাৰণ জনতা বিশেষভাৱে উপকৃত হোৱাৰ লগতে বিভাগীয় দুৰ্নীতি-অনিয়ম ৰোধ হোৱাৰ উপৰিও চৰকাৰে ৰাজহ লাভ কৰিবলৈ সক্ষম হ'ব ।

এই সন্দৰ্ভত এৰিডাৰ সভাপতি অভিযন্তা পি কে শৰ্মাই কয়, নিৰ্মিত সম্পত্তি বিক্ৰীৰ ক্ষেত্রত ২০১০ চনত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ অনুমতি বাধ্যতামূলক কৰা হৈছিল । ইয়াৰ দ্বাৰা জনসাধাৰণৰ কোনো উপকাৰ হোৱা নাছিল । বৰং চক্ৰ বিষয়াৰ কাৰ্যালয়ত হাজাৰ হাজাৰ ফাইল আৱদ্ধ হৈ পৰিছিল তথা লাট মণ্ডলৰ টেবুলৰ বোজা বৃদ্ধি হৈছিল ।

কামসমূহ পৰি থকাৰ লগতে দুৰ্নীতি-অনিয়মৰ বাট মুকলি হৈছিল । ফলত ফ্লেটৰ ক্ৰেতাৰ লগতে প্ৰম'টাৰসকলে যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছিল । আনহাতে, ফ্লেট বিক্ৰীৰ ক্ষেত্রত লাট মণ্ডলৰ ৰিপ'ৰ্টৰ কোনো প্ৰয়োজন নাই যদিও তাক নিয়ম কৰি ৰখা হৈছিল । দেশৰ কোনো এখন ৰাজ্যত এনে ব্যৱস্থা নাছিল বুলি মন্তব্য প্ৰকাশ কৰে পি কে শৰ্মাই ।

চৰকাৰৰ সংস্কাৰমুখী পদক্ষেপে দূৰ কৰিছে প্ৰশাসনীয় প্ৰতিবন্ধকতা

লগতে পঢ়ক:মেঘালয়ৰ ৰাজধানী শ্বিলঙত IED বিস্ফোৰণ

'নতুন চৰকাৰখনে এই ক্ষেত্রত সংস্কাৰ সাধন কৰি আইনখনৰ সংশোধন কৰে । ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত অনুসৰি আৱাস, ফ্লেট, আৱাসিক এপাৰ্টমেণ্ট, ব্যৱসায়িক ভৱন তথা ভূমিৰ ওপৰত কৰা যিকোনো নিৰ্মাণ কাৰ্য বিক্ৰীৰ ক্ষেত্রত পূৰ্বতে থকা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ অনুমতি বাতিল কৰা হয় । লাট মণ্ডলৰ হস্তক্ষেপ মুক্ত হ'ল এই সমগ্ৰ ব্যৱস্থাটো । এই সিদ্ধান্তৰ যোগেদি চৰকাৰৰ ৰাজহ বৃদ্ধিৰ উপৰি সাধাৰণ জনতাই যথেষ্ট সকাহ লাভ কৰিলে ।' এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে শৰ্মাই ৷

শৰ্মাই লগতে কয়, ৰাজ্যিক কেবিনেটে আন এক উল্লেখযোগ্য সংস্কাৰ সাধন কৰিছে । চহৰাঞ্চলৰ 'ভাৰা নিয়ন্ত্রণ আইন-১৯৪৯'ৰ সলনি ' অসম টেনেন্সি আইন-২০২১' প্ৰৱৰ্তন কৰা হৈছে । ইয়াৰ দ্বাৰা ঘৰৰ মালিক আৰু ভাৰাতীয়াৰ সম্পৰ্কৰ মাজত সাধাৰণতে থকা সমস্যাসমূহ দূৰ হ'ব । এই আইনখনৰ যোগেদি দুয়োপক্ষকে সুৰক্ষা দিয়া হৈছে । এতিয়া সকলোৱে শংকামুক্ত হৈ নিজৰ ঘৰ ভাৰাত দিব পাৰিব ।

লগতে পঢ়ক:মণিপুৰৰ মোৰেহত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

তদুপৰি কিবা বিবাদ হ'লে তাৎক্ষণিকভাৱে মীমাংসা কৰাৰ ব্যৱস্থা কৰা হৈছে । আন এক সংস্কাৰৰ প্ৰসংগ উল্লেখ কৰি শৰ্মাই কয়, ভাৰাৰ চুক্তিৰ ক্ষেত্রত পূৰ্বতে ষ্টাম্প ডিউটি আৰু পঞ্জীয়ন মাছুল যথেষ্ট বেছি আছিল । যাৰ বাবে বহু লোক এই প্ৰক্ৰিয়াৰ পৰা আঁতৰত আছিল । ফলত চৰকাৰেও ৰাজহ লাভৰ পৰা বঞ্চিত আছিল ।

এতিয়া চৰকাৰে পূৰ্বৰ ৮.৫ শতাংশ ষ্টাম্প ডিউটি আৰু ৬ শত‍াংশ পঞ্জীয়ন মাছুল হ্ৰাস কৰি ১ ৰ পৰা ৩ শতাংশ কৰিছে । বৰ্তমান দেশৰ আন ৰাজ্যৰ সমান কৰা হৈছে । এই সংস্কাৰৰ ফলত এতিয়া সকলোৱে ভাৰাৰ চুক্তিৰ বাবে আগবাঢ়ি আহিব আৰু ফলত চৰকাৰেও ৰাজহ লাভ কৰিব । বিভিন্ন ক্ষেত্রত থকা প্ৰশাসনীয় প্ৰতিবন্ধকতা দূৰ কৰি চৰকাৰখনে এক নতুন পৰিৱেশৰ ৰচনা কৰিছে । ইয়াৰ যোগেদি এক সুস্থ পৰিৱেশত কাম কৰাৰ বাতাবৰণ গঢ় লৈ উঠিব আশা প্ৰকাশ কৰে পি কে শৰ্মাই ৷

লগতে পঢ়ক: আমিনুল ইছলামক বিক্ৰী যোৱা বিধায়ক আখ্যা ৰাছেল হুছেইনৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details