গুৱাহাটী, ৪ মাৰ্চ :গুৱাহাটীত চাৰিদিনীয়া কাৰ্যসূচীৰে ২ মাৰ্চৰ পৰা চলি আছে এৰিডা সম্পত্তি মেলা বা প্ৰপাৰ্টী এক্সপো (AREIDA Property Expo Guwahati 2023) । এই মেগা সম্পত্তি মেলাত এৰিডাই আগবঢ়াইছে বিশেষ কেতবোৰ ৰেহাইৰ সুবিধা (special discount in AREIDA property expo) । আপোনাৰ পচন্দৰ ফ্লেট এটা ক্ৰয় কৰাৰ ক্ষেত্রত বেংক ঋণৰ উপৰি ৰেহাইৰ সুবিধা প্ৰদানেৰে অনুষ্ঠিত হৈছে এই প্ৰপাৰ্টী এক্সপো । Assam Real Estate Infrastructure and Development Association চমুকৈ AREIDA-ৰ উদ্যোগত ২ মাৰ্চৰ পৰা ৫ মাৰ্চলৈকে গুৱাহাটীৰ পল্টনবজাৰস্থিত আছী অপ্সৰাত অনুষ্ঠিত হৈছে এই প্ৰপাৰ্টী এক্সপো ।
উল্লেখ্য যে এই মেগা প্ৰপাৰ্টী এক্সপোলৈ গুৱাহাটীৰ লগতে উত্তৰ-পূবৰ বিভিন্ন স্থানৰ পৰা আহিছে বহু গ্ৰাহক । তদুপৰি, এই এক্সপোত এতিয়ালৈকে কেইবাটাও ফ্লেট বুকিং হৈছে (discount on flat booking in AREIDA property expo) । আনহাতে, প্ৰথম দুদিনত এক্সপোখনত গ্ৰাহকৰ যথেষ্ট সমাগম হোৱা বুলি আয়োজকসকলে জনাইছে । প্ৰতিদিনে দিনৰ ১১ বজাৰ পৰা নিশা ৮ বজালৈকে খোলা থকা এক্সপোখনত মুঠ ১২০ খন বিপণী আছে । উল্লেখ্য যে এই এক্সপোৰ যোগেদি একেটা স্থানতে ফ্লেট, এপাৰ্টমেণ্ট আৰু বাণিজ্যিক স্থানৰ লগতে ইয়াৰ আনুষংগিক আন আন বিভিন্ন সামগ্ৰী বিস্তৃত ৰূপত প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে ।