গুৱাহাটী, 29 ডিচেম্বৰ: বিগত চাৰি দশকৰ বিভিন্ন সশস্ত্র কার্যকলাপ, হত্যা, হিংসা, বাৰুদৰ দাবানলৰ পাচত বিগত বাৰ বছৰে চলি থকা আলোচনাৰ শেষত আলফাৰ আলোচনাপন্থী গোট আৰু কেন্দ্রীয় চৰকাৰৰ মাজত স্বাক্ষৰিত হ’বলগীয়া ত্ৰিপাক্ষিক শান্তি চুক্তিক APW (Assam Public Works) য়ে উষ্ম আদৰণি জনাইছে। ইটিভি ভাৰতক এই কথা জনাইছে APWৰ সভাপতি অভিজিৎ শৰ্মা বৰুৱাই।
অভিজিৎ শৰ্মা বৰুৱাই লগতে কয় যে, "শান্তি চুক্তি' স্বাক্ষৰৰ এই প্ৰাকমুহূর্তত দেশৰ সার্বভৌমত্ব আৰু অখণ্ডতাক প্রথম স্থান দি অহ্য এক সংগঠন হিচাপে এই পদক্ষেপক আদৰণি আৰু সকলো পক্ষকে আন্তৰিক অভিনন্দন জনাইছো ৷ যোৱা একাধিক দশক আলফাৰ ৰক্তৰঞ্জিত সশস্ত্ৰ সংগ্ৰামৰ বিৰোধিতা কৰি স্থায়ী সমাধানৰ বাবে আহ্বান জনাই আহিছো ৷ বিগত প্রায় 44 বছৰ জোৰা এই সংঘাতৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ সংখ্যাৰে জুখিব নোৱাৰি তথা এই সংঘাতে অসমৰ চুকে-কোণে থকা প্রতিটো পৰিয়ালকে ক্ষতি কৰিছে।"
লগতে APWৰ সভাপতিগৰাকীয়ে কয় যে যদিও এই "শান্তি চুক্তি স্বাক্ষৰ প্রক্রিয়া”ক লৈ আলফা স্বাধীনক আনিব পৰা নগ'ল, তথাপি আলফাৰ ৰাজনৈতিক গোট তথা জন্মলগ্নৰ গৰিষ্ঠসংখ্যক নেতা এই প্রক্রিয়াৰে জড়িত হোৱাটো অসমৰ অনাগত বাজনৈতিক ভৱিষ্যতৰ বাবে শুভলক্ষণ বুলি আছাম পাব্লিক বর্কছে বিশ্বাস কৰে। কিন্তু "শান্তি চুক্তি" স্বাক্ষৰিত হোৱাৰ কিছুদিন পূৰ্বৰে পৰা আজি প্রায় 15 বছৰে স্থবিৰ হৈ থকা আলফাক লৈ হঠাৎ অসম আৰক্ষীৰ অস্ত্ৰ গৰজি উঠিবলগীয়া হোৱা কথাটোত কিছু ৰহস্যৰ গোন্ধ পোৱা গৈছে ।"