গুৱাহাটী, ১০ নৱেম্বৰ :নাগৰিকত্বৰ ভিত্তিবৰ্ষ ১৯৫১ চন হোৱাৰ পক্ষত অসমৰ সকলো খিলঞ্জীয়া দল-সংগঠনক থিয় হোৱাৰ বাবে আহ্বান জনালে আছাম পাব্লিক ৱৰ্কছ চমুকৈ এ পি ডব্লিউৱে (Assam Public Works appeal on NRC) । আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন কৰা এখন সংবাদমেলত এ পি ডব্লিউৰ সভাপতি অভিজিৎ শৰ্মা (APW President Abhijit Sarma) আৰু সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি তালুকদাৰে এই আহ্বান জনাই এন আৰ চি সন্দৰ্ভত কেতবোৰ বিষয় উত্থাপন কৰে ।
সংবাদমেলত এন আৰ চি সন্দৰ্ভত বিশিষ্ট বুদ্ধিজীৱী হীৰেণ গোঁহায়ে আগবঢ়োৱা মতামতক সমালোচনা কৰি তেওঁলোকে কয় যে আজিৰে পৰা ৩০ বছৰ পূৰ্বে ভাৰতবৰ্ষত হিন্দু বাংলাদেশী সংস্থাপনৰ দাবী তোলা বিশিষ্ট বুদ্ধিজীৱী হীৰেণ গোঁহায়ে এতিয়া 'CAA'ৰ বিৰোধিতা কৰিছে (APW slammed Hiren Gohain on NRC issue) । এই সন্দৰ্ভত তেওঁলোকে ১৯৯২ চনৰ ১২ জুলাইত 'আজিৰ অসম' কাকতত প্ৰকাশিত হীৰেণ গোঁহাইৰ 'প্ৰসংগক্ৰমে' প্ৰবন্ধৰ প্ৰসংগ উল্লেখ কৰে ।
য'ত হিন্দু বাংলাদেশীক ভাৰতত সংস্থাপিত কৰাৰ দাবী উত্থাপন কৰা হৈছিল । এই বিষয় উত্থাপন কৰি তেওঁলোকে কয় যে বিশিষ্ট বুদ্ধিজীৱী হীৰেণ গোঁহাইৰ স্থিতি ৩০ বছৰ পাছত সলনি হৈছে । হীৰেণ গোঁহাইৰ বক্তব্য শিলৰ ৰেখা হ'ব নোৱাৰে বুলি তেওঁলোকে সদৰী কৰে । আনহাতে, এন আৰ চিৰ (NRC) পৰিপূৰক তালিকাৰ পৰা নাম বাদ পৰা লোকসকলক ৰিজেকচন শ্লিপ দিয়াৰ বাবে হীৰেন গোঁহায়ে জনোৱা আহ্বানক সমালোচনা কৰি তেওঁলোকে কয় যে ২০১৯ চনৰ ৩১ আগষ্টত প্রকাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ (National Register of Citizenship) পৰিপূৰক তালিকাখন এতিয়াও ভাৰতবৰ্ষৰ মহাপঞ্জীয়কে ছীল-মোহৰ লগাই চূড়ান্ত নাগৰিকপঞ্জী বুলি স্বীকৃতি দিয়া নাই । গতিকে পৰিপূৰক এন আৰ চিৰ ওপৰত ভিত্তি কৰি যিসকলৰ নাম উক্ত তালিকাৰ পৰা বাদ পৰি গৈছে তেওঁলোকক চৰকাৰে ৰিজেকচন শ্লিপ দিয়াৰ প্ৰশ্নই উঠিব নোৱাৰে ।
তেওঁলোকে কয় যে অসম চৰকাৰে এই ক্ষেত্ৰত নিজৰ স্থিতি স্পষ্ট কৰি উচ্চতম ন্যায়ালয়ৰ (Supreme Court of India) মজিয়াত এক শপতনামা দাখিল কৰা উচিত । আনহাতে, একাংশ বুদ্ধিজীৱীয়ে ৩ নৱেম্বৰত দিয়া সংবাদমেল সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁলোকে কয় যে পৰিপূৰক এন আৰ চি খনক এন আৰ চি বুলি উল্লেখ কৰিয়েই বুদ্ধিজীৱীসকলে মাৰাত্মক ভুল কৰি আছে । এন আৰ চিৰ পদ্ধতি আৰু প্ৰক্ৰিয়াটোক ভালকৈ অধ্যয়ন নকৰাকৈয়ে বুদ্ধিজীৱীসকলে মন্তব্য ৰাখিছে ।
তেওঁলোকে কয় যে অবৈধ বিদেশী অসমৰ ভূমিত এটা জ্বলন্ত সমস্যা আছিল আৰু আছে আৰু চিনাক্তকৰণ নকৰালৈ ই জ্বলন্ত সমস্যা হৈয়ে থাকিব ৷ ইয়াত সজীৱকৰণ বা নিৰ্জীৱিকৰণ বুলি কোনো ধাৰণা নাই । ৰাজ্যৰ সাধাৰণ নাগৰিকে এই এন আৰ চি মানি লৈছে বুলি বুদ্ধিজীৱীসকলে কৰা মন্তব্যৰ প্ৰসংগত তেওঁলোকে প্রশ্ন কৰি কয় যে 'সাধাৰণ নাগৰিক' শব্দৰে কাক বুজোৱা হৈছে । ভূমিপুত্ৰ অসমীয়া মানুহখিনিক নে পৰিপূৰক এন আৰ চিৰ যোগেদি নাম অন্তর্ভুক্ত হৈ স্বদেশী হোৱাৰ পথত থকা মানুহখিনিক ।
যদি বিদেশীৰ পৰা স্বদেশী হোৱাৰ পথত থকা মানুহখিনিৰ কথা 'সাধাৰণ নাগৰিক' হিচাবে উল্লেখ কৰিছে তেন্তে ইয়াৰ আঁৰৰ ৰহস্য কি সেয়া বুজাই ভালদৰে বুজিছে । সংবাদমেলত ২০১৯ চনৰ ৩১ আগষ্টৰ নিৰ্দেশনাৰ ১৮ নং নিৰ্দেশৰ প্ৰসংগ উল্লেখ কৰি সভাপতি আভিজিৎ শৰ্মাই কয় যে সাংবিধানিক বিচাৰপীঠত চলি থকা দুটা গোচৰৰ ওপৰত ন্যায়ালয়ে দিয়া ৰায়দানৰ ওপৰত নিৰ্ভৰ কৰিহে এইখন পৰিপূৰক এন আৰ চিৰ ভৱিষ্যৎ ৰূপৰেখা নিৰ্ধাৰিত হ’ব ।