অসম

assam

ETV Bharat / state

'এন আৰ চিত অন্তৰ্ভুক্ত হৈছে বাংলাদেশী হিন্দু আৰু মুছলমানৰ নাম': এ পি ডব্লিউ - এ পি ডব্লিউ

এন আৰ চি সম্পৰ্কীয় কাম-কাজত অসন্তুষ্টি ব্যক্ত এ পি ডব্লিউৰ সভাপতি অভিজিত শৰ্মাৰ

'এন আৰ চিত অন্তৰ্ভুক্ত হৈছে বাংলাদেশী হিন্দু আৰু মুছলমানৰ নাম': এ পি ডব্লিউ

By

Published : May 27, 2019, 7:25 PM IST

গুৱাহাটী,27 মেঃ 'এন আৰ চিত অন্তৰ্ভুক্ত হৈছে বাংলাদেশী হিন্দু আৰু মুছলমানৰ নাম' এই গুৰুত্বৰ অভিযোগ এ পি ডব্লিউৰ সভাপতি অভিজিত শৰ্মাৰ ৷ সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি এন আৰ চি সম্পৰ্কীয় বিভিন্ন আসোঁৱাহৰ কথা উল্লেখ কৰে অভিজিত শৰ্মাই ৷ এখন শুদ্ধ এন আৰ চি ৰাইজক কেতিয়া দিব বুলি প্ৰশ্ন উত্থাপন কৰি অভিজিত শৰ্মাই কয় যে,লাখে লাখে এন আৰ চিৰ দাবী আপত্তি উত্থাপন হৈছে যদিও প্ৰায় সংখ্যকেই ভুৱা ৷

'এন আৰ চিত অন্তৰ্ভুক্ত হৈছে বাংলাদেশী হিন্দু আৰু মুছলমানৰ নাম': এ পি ডব্লিউ

ইয়াৰোপৰি,অবৈধভাৱে লিগেছি ডাটা ক্ৰয় কৰা সকলৰ বিৰুদ্ধে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া স্পষ্ট কৰাৰ লগতে ৰাইজে কেতিয়া শুদ্ধ নাগৰিকপঞ্জী লাভ কৰিব NRC কৰ্তৃপক্ষই শীঘ্ৰেই বিজ্ঞাপন প্ৰকাশ কৰিব লাগে বুলি দাবী উত্থাপন কৰে এ পি ডব্লিউৰ সভাপতি গৰাকীয়ে ৷ 22 খন জিলাৰ সন্দেহযুক্ত লোকৰ নাম নাগৰিকপঞ্জীত সোমাইছে বুলি আন এক গুৰুতৰ অভিযোগ তুলি মৰিগাঁও জিলাৰ উপায়ুক্তই নাগৰিকপঞ্জীত বিদেশীৰ নাম সোমাইছে বুলি উল্লেখ কৰাৰ পাচত কি ব্যৱস্থা গ্ৰহণ কৰা হ'ল বুলি প্ৰশ্ন উত্থাপন কৰে অভিজিত শৰ্মাই ৷ আনহাতে,বাংলাদেশীমূলৰ লোকসকলে কেৱল সন্তান জন্ম দিবলৈকে অসমলৈ আহে,এনে যথেষ্ট সংখ্যক ল'ৰা-ছোৱালীৰ বোজা অসমে লব নোৱাৰে ৷ সেয়েহে,জন্ম নিয়ন্ত্ৰণৰ ৰোধৰ বাবে তেওঁলোক আদালতৰ দ্বাৰস্থ হ'ব বুলি ব্যক্ত কৰে সংগঠনটোৰ সভাপতি অভিজিত শৰ্মাই ৷

ABOUT THE AUTHOR

...view details