গুৱাহাটী, আগষ্ট 31 : ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ ক্ষোভ প্ৰকাশ আসাম পাব্লিক ওৱৰ্কচৰ সভাপতি অভিজিৎ শৰ্মাৰ ৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশৰ পাচতে নিজৰ ক্ষোভ ব্যক্ত কৰি অভিজিৎ শৰ্মাই কয় যে,
''প্ৰতীক হাজেলাক মূৰত বহুৱাই লোৱাৰ বাবেই অসমীয়া জাতি আজি ধ্বংস হ'ল ৷ এই এন আৰ চিক লৈ বৰপেটাত পাইলট প্ৰজেক্ট ধ্বংস কৰা আমছুৱে ফূৰ্তিত ফটকা ফুটাইছে ৷ তেখেতে ইয়াৰ লগতে, যিটো ছফ্টৱেৰ ব্যৱহাৰ হৈছিল সেইটো তৃতীয় পক্ষৰ দ্বাৰা কিয় পৰীক্ষা কৰা নহ'ল বুলিও প্ৰশ্ন কৰে ৷ এন আৰ চি সন্দৰ্ভত পুনৰ উচ্চতম ন্যায়ালৰ দ্বাৰস্থ হোৱাৰ লগতে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ ওচৰলৈও যোৱা হ'ব বুলি মত প্ৰকাশ কৰে অভিজিৎ শৰ্মাই ৷ ''
অসমীয়া জাতি আজি ধ্বংস হ'ল
WIPRO-ক তথ্য সন্নিবিষ্ট কৰিবলৈ দিয়াটো এটা ডাঙৰ ভুল আৰু ইয়াৰ এশ শতাংশ পুনৰীক্ষণৰ দাবী তোলে অভিজিৎ শৰ্মাই ৷ এন আৰ চিৰ বাবে খৰচ হোৱা 16শ কোটি টকাৰ হিচাপ দাখিল কৰিবলৈ আহ্বান জনাই আসাম পাব্লিক ওৱৰ্কচে ৷ ইয়াৰোপৰি অভিজিৎ শৰ্মাই কয় যে, প্ৰতীক হাজেলাৰ ওপৰত আগৰ পৰাই থকা সন্দেহ এতিয়া সঁচা প্ৰমাণিত হ'ল ৷ বিদেশী চিনাক্তকৰণৰ পৰিৱৰ্তে এন আৰ চিয়ে বিদেশীক স্বদেশীহে সজালে বুলি মন্তব্য কৰে অভিজিৎ শৰ্মাই ৷ 19 লাখ মানুহৰ ভিতৰত তিনি লাখে আৱেদনেই কৰা নাছিল, আনহাতে একাংশই এন আৰ চিৰ নামত দালালি কৰিলে ৷ যাৰ ফলত 855 জন শ্বহীদৰ ত্যাগ অথলে গ'ল বুলিও মন্তব্য কৰে অভিজিৎ শৰ্মাই ৷
অথলে গ'ল 855 জন শ্বহীদৰ বলিদান পাইলট প্ৰজেক্ট বন্ধ কৰা আমছুৱে এন আৰ চিক আদৰণি জনালে কি বুজিম বুলি আক্ষেপ কৰি, অসমবাসীৰ ওচৰত ক্ষমা খুজিলে অভিজিৎ শৰ্মাই ৷ গোচৰ তৰিবলৈ আৰ্থিকভাৱে সহায় কৰা প্ৰদীপ ভূঞা-বন্তী ভূঞাৰ দম্পতী আৰু জয়ন্ত বৰুৱাৰ ওচৰতো আসাম পাব্লিক ওৱৰ্কচৰ হৈ ক্ষমা বিচাৰিলে অভিজিৎ ভূঞাই ৷