গুৱাহাটী, ৩১ আগষ্ট: ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী(NRC) উন্নীতকৰণ প্ৰক্ৰিয়াটোত ৩৬০ কোটি টকাৰ ভয়ংকৰ বিসংগতি হোৱাৰ তথ্য মহা হিচাপ পৰীক্ষকৰ (AUDITOR GENERAL) প্ৰতিবেদনত প্ৰকাশ পাইছে । মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজন কৰা এখন সংবাদমেলত এই তথ্য সদৰি কৰে আসাম পাব্লিক ৱৰ্কছৰ(ASSAM PUBLIC WORKS) সভাপতি আভিজিৎ শৰ্মা(ABHIJIT SHARMA)ই ।
তেওঁ কয়, ‘‘২০১৭ চনৰ পৰা আমি কৈ অহা কথাবোৰ অডিটৰ জেনেৰেলৰ প্ৰতিবেদনত সঁচা হিচাপে প্ৰমাণিত হ'ল । আনহাতে, এই সন্দৰ্ভত আমি ৰুজু কৰা এটা গোচৰৰ প্ৰাথমিক তথ্য শুদ্ধ বুলি জানিব পাৰি সেইসময়ৰ এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে তদন্ত কৰি গোচৰ চলোৱাৰ অনুমতি বিচাৰি অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাই গৃহ বিভাগলৈ প্ৰেৰণ কৰা ফাইল বিগত ছমাহ ধৰি গৃহ বিভাগৰ কাৰ্যালয়ত পৰি আছে’’ ।
লগতে তেওঁ কয় যে, গৃহ বিভাগত এতিয়াও প্ৰতীক হাজেলা(Pratik Hajela)ৰ মানুহ আছে আৰু যিয়ে ফাইলটো গাপ দি ৰাখিছে । গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক এইক্ষেত্রত ব্যৱস্থা গ্ৰহণৰ বাবে তেওঁ আহ্বান জনায় । প্ৰতীক হাজেলাক সুৰক্ষা প্ৰদান কৰিবলৈ ৰাজনৈতিক নেতা আৰু আই এ এছ বিষয়াৰ এটা লবীকে ধৰি এটা চক্ৰই কাম কৰি আছে বুলিও তেওঁ গুৰুতৰ অভিযোগ উত্থাপন কৰে ।
তেওঁ লগতে কয়, ‘‘২০১৭ চনত আমি এন আৰ চিৰ ডাটা এণ্ট্ৰী অপাৰেটৰৰ নিযুক্তি আৰু দৰমহাৰ ক্ষেত্রত দুৰ্নীতি হোৱাৰ লগতে এই বিষয়টোত প্ৰতীক হাজেলাৰ বৃহৎ কমিচনৰ অংক আছে বুলি সংবাদমেলযোগে অভিযোগ উত্থাপন কৰিছিলো । কিন্তু তেতিয়া বৰ্তমানৰ অৱসৰপ্ৰাপ্ত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে আদালত অৱমাননাৰ অভিযোগ আনি মুখ বন্ধ ৰাখিবলৈ ভাবুকি প্ৰদান কৰিছিল । আমাক ক্ষমা খুজিবলৈ বাধ্য কৰাইছিল’’ ।
এতিয়া কিন্তু তেওঁলোকৰ সেই অভিযোগ অডিটৰ জেনেৰেলৰ প্ৰতিবেদনৰ যোগেদি সঁচা প্ৰমানিত হ'ল বুলি তেওঁ কয় । ডাটা এণ্ট্ৰী অপাৰেটৰৰ নামত ১৫৫.৮৩ কোটি টকাৰ অনিয়ম হোৱা বুলি অডিটৰ জেনেৰেলৰ প্ৰতিবেদনত প্ৰকাশ পাইছে । সেইদৰে এন আৰ চি সেৱা কেন্দ্ৰৰ বাবে জেনেৰেটৰ ক্ৰয়ৰ নামত ২১.০৬ কোটি টকাৰ বিত্তীয় অনিয়ম হোৱাৰ তথ্য প্ৰতিবেদনত প্ৰকাশ পাইছে । প্ৰতীক হাজেলাৰ দুৰ্নীতি আৰু অডিটৰ জেনেৰেলৰ প্ৰতিবেদন সন্দৰ্ভত আমি গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰিব বুলি তেওঁ মন্তব্য কৰে ।