গুৱাহাটী, ৩১ ডিচেম্বৰ : APSC কেলেংকাৰীৰ খলনায়ক ৰাকেশ পাল, এটা গোপন ফাইল আৰু ফাইলবোৰৰ গোপনে চোৱা-চিতা কৰা এজন ৰখীয়াৰ কাহিনীয়ে পুনৰ অসম লোকসেৱা আয়োগত সংঘটিত আন কেলেংকাৰীৰ নতুন দৃশ্যপট উদ্ধাৰ কৰিছে (Rakesh Paul APSC Scam) ৷ কেৱল অসম প্ৰশাসনিক সেৱাৰ কেলেংকাৰীয়েই নহয়, আন আন নিযুক্তিৰ ক্ষেত্ৰতো অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাবে ব্যাপক দুৰ্নীতিৰ আশ্ৰয় লৈছিল ৰাকেশ পালে (Assam Public Service Commission) ৷
দুৰ্নীতিৰে দিয়া আন আন নিযুক্তিৰ ফাইল গোপনে ৰাখিছিল ৰাকেশ কুমাৰ পালে ৷ ব্যক্তিগত সচিবে চোৱা-চিতা কৰিছিল গোপন ফাইল ৷ এই সন্দৰ্ভত ব্যক্তিগত সচিবলৈ উচ্চ ন্যায়ালয়ৰ চমন জাৰি ৷ মাত্ৰ দুদিন পূৰ্বে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ এজনীয়া আয়োগে বক্ৰপথেৰে APSC-ৰ পৰীক্ষাত উত্তীৰ্ণ হৈ চাকৰি লোৱাৰ প্ৰসংগত ভনীতা নাথ নামৰ এগৰাকী উপ-আৰক্ষী অধীক্ষক আৰু মানৱী দাস নামৰ এগৰাকী আবকাৰী অধীক্ষকক ১৫ দিনৰ ভিতৰত আয়োগৰ সন্মুখত উপস্থিত হ’বলৈ জাননী জাৰি কৰিছিল ৷
এইবাৰ উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত খোল খাব ৰাকেশ পালৰ APSC-ৰ আন এক কেলেংকাৰী (High Court intervention on APSC scam) ৷ যিমানেই খান্দিছে সিমানেই পোহৰলৈ আহিছে অসম লোকসেৱা আয়োগৰ কাৰাৰুদ্ধ-নিলম্বিত অধ্যক্ষ ৰাকেশ কুমাৰ পালৰ কেলেংকাৰীৰ নতুন অধ্যায় । APSC-ত ২০১৩ আৰু ২০১৪ চনত প্ৰশাসনীয় নিযুক্তিত বিয়াগোম কেলেংকাৰী সংঘটিত কৰা ৰাকেশ কুমাৰ পালৰ আন এক কেলেংকাৰীৰ ফাইল খুলিবলৈ আগবাঢ়িছে গুৱাহাটী উচ্চ ন্যায়ালয় ।
এই কেলেংকাৰী হ'ল— '২০১৩ আৰু ২০১৬ চনত কৃষি উন্নয়ন বিষয়া নিযুক্তি' । অসম লোকসেৱা আয়োগত দুৰ্নীতিৰ মুকলি বেহা চলোৱা ৰাকেশ কুমাৰ পালেই সংঘটিত কৰিছিল এই নিযুক্তি কেলেংকাৰীও । ২০১৩ আৰু ২০১৬ চনত কৃষি উন্নয়ন বিষয়া নিযুক্তি সম্পৰ্কীয় এটা গোপন ফাইল ৰাখিছিল তদানীন্তন অধ্যক্ষগৰাকীয়ে । এই ফাইলটো চোৱা-চিতা কৰিছিল অধ্যক্ষ ৰাকেশ কুমাৰ পালৰ ব্যক্তিগত সচিব পংকজ কুমাৰ শৰ্মাই ।