অসম

assam

By

Published : Jul 6, 2021, 7:42 AM IST

Updated : Jul 6, 2021, 12:38 PM IST

ETV Bharat / state

APSC Scam: ন্যায়াধীশ শৰ্মা আয়োগক লিখিত উত্তৰ জনালে তিনি বিষয়াই

ন্যায়াধীশ শৰ্মা আয়োগৰ পৰা জাননী লাভ কৰি থৰকাছুটি হেৰুৱাই সোমবাৰে আয়োগৰ কাৰ্যালয়লৈ আহি জাননীৰ উত্তৰ জমা দিয়ে তিনিজনকৈ বিষয়াই । এই তিনি বিষয়া হৈছে ক্ৰমে ত্ৰিদীপ ৰয়, ধ্ৰুৱজ্যোতি হাতীবৰুৱা আৰু বিক্ৰমাদিত্য বৰা ৷ এই তিনি বিষয়াকে ধৰি এই পৰ্যন্ত 19 গৰাকী বিষয়াৰ উত্তৰ বহীত ধৰা পৰিছিল বিসংগতি ।

লোকসেৱা কেলেংকাৰীঃ ন্যায়াধীশ শৰ্মা আয়োগক লিখিত উত্তৰ জনালে তিনি বিষয়াই
লোকসেৱা কেলেংকাৰীঃ ন্যায়াধীশ শৰ্মা আয়োগক লিখিত উত্তৰ জনালে তিনি বিষয়াই

গুৱাহাটী, 6 জুলাই : 2013 বৰ্ষৰ লোকসেৱা আয়োগ (APSC)ৰ পৰীক্ষাত সেই সময়ৰ অধ্যক্ষ ৰাকেশ পাল (Rakesh Pal)ৰ সৈতে লগ লাগি চাকৰি গোটাই লোৱা 19 গৰাকী সন্দেহজনক এ চি এছ, এ পি এছ আৰু সংযুক্ত সেৱাৰ বিষয়ালৈ ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগে জাৰি কৰিছিল জাননী । সেই জাননীৰ উত্তৰ পোন্ধৰ দিনৰ ভিতৰত আয়োগৰ ওচৰত দাখিল কৰিবলৈ কোৱা হৈছিল । ন্যায়াধীশ শৰ্মা আয়োগৰ পৰা জাননী লাভ কৰি থৰকাছুটি হেৰুৱাই সোমবাৰে আয়োগৰ কাৰ্যালয়লৈ আহি জাননীৰ উত্তৰ জমা দিয়ে তিনিজনকৈ বিষয়াই । এই তিনি বিষয়া হৈছে ক্ৰমে ত্ৰিদীপ ৰয়, ধ্ৰুৱজ্যোতি হাতীবৰুৱা আৰু বিক্ৰমাদিত্য বৰা ।

এই তিনি বিষয়াকে ধৰি এই পৰ্যন্ত 19 গৰাকী বিষয়াৰ উত্তৰ বহীত ধৰা পৰিছিল বিসংগতি । উত্তৰ বহীৰ নম্বৰ আৰু টেবুলেশ্বনৰ নম্বৰ উভয়ৰে মাজত দেখা গৈছিল বিসংগতি । আনহাতে, এতিয়াও 17 গৰাকী সন্দেহজনক বিষয়াৰ উত্তৰ বহীৰ ফৰেনচিক পৰীক্ষাৰ প্ৰতিবেদন আয়োগৰ হাতত পৰিবলৈ বাকী আছে ।

ন্যায়াধীশ বিপ্লৱ শৰ্মা

ৰাকেশ পাল (Rakesh Pal) বাহিনীয়ে ভূৱা টেবুলেশ্বন শ্বীট আৰু ভূৱা নম্বৰেৰে এইসকলৰ নিযুক্তিৰ ব্যৱস্থা কৰি দিছিল । মূল পৰীক্ষাৰ উত্তৰ বহী আৰু টেবুলেশ্বন শ্বীটৰ হাতৰ আখৰৰ মাজত ধৰা পৰিছে ব্যাপক বিসংগতি । ইতিমধ্যে, আহমেদাবাদৰ ফৰেণচিক পৰীক্ষাগাৰে ধৰা পেলাইছে এই বিসংগতি । ২০১৩ বৰ্ষৰ পৰীক্ষাত বাচনিকৃত 25 গৰাকী আৰু 2014ৰ পৰীক্ষাত বাচনিকৃত 20 গৰাকী সন্দেহজনক প্ৰাৰ্থী এতিয়াও ৰাজ্যৰ বিভিন্ন ঠাইত কৰ্মৰত হৈ আছে বুলি জানিব পৰা হৈছে ।

ইয়াৰ পূৰ্বে 39 গৰাকী বিষয়াৰ নাম সাঙোৰ খাইছিল এ পি এছ চি কেলেংকাৰীৰ (APSC Scam)সৈতে । আটাইকেইজনকে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল আৰু কাৰাবাস খাটিবলগীয়া হৈছিল । উল্লেখ্য যে, এখন ৰাজহুৱা স্বাৰ্থজনিত আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে (Guwahati High Court)অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ (APSC recruitment scam) তদন্তৰ বাবে এজনীয়া আয়োগ গঠন কৰি দিছিল ।

লগতে পঢ়ক :পৰীক্ষাৰ ফলাফলক লৈ এটা সিদ্ধান্তত উপনীত হ'ব পৰা নাই অসম চৰকাৰ

Last Updated : Jul 6, 2021, 12:38 PM IST

ABOUT THE AUTHOR

...view details