অসম

assam

ETV Bharat / state

APSC Mains Result : অসম লোকসেৱা আয়োগ 2022 বৰ্ষৰ মূল পৰীক্ষাৰ ফলাফল ঘোষণা - APSC Mains Result 2022

অসম লোকসেৱা আয়োগ 2022 ৰ মূল পৰীক্ষাৰ ফলাফল ঘোষণা ৷ বৃহস্পতিবাৰে ঘোষণা কৰা হয় ফলাফল ৷ অহা ১৬ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’ব অসম লোকসেৱা আয়োগৰ নিৰ্বাচিত প্ৰাৰ্থীসকলৰ সাক্ষাৎকাৰ ।

APSC Mains Result
অসম লোকসেৱা আয়োগ 2022 বৰ্ষৰ মূল পৰীক্ষাৰ ফলাফল ঘোষণা

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 9:37 PM IST

Updated : Nov 2, 2023, 10:49 PM IST

গুৱাহাটী,‌2 নৱেম্বৰ : সকলোৰে উৎকণ্ঠাৰ অন্ত পেলাই অসম লোকসেৱা আয়োগে 2022 বৰ্ষৰ মূল পৰীক্ষাৰ ফলাফল বৃহস্পতিবাৰে ঘোষণা কৰে ।‌ অহা 16 নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’ব অসম লোকসেৱা আয়োগৰ নিৰ্বাচিত প্ৰাৰ্থীসকলৰ সাক্ষাৎকাৰ । এই কথা সদৰী কৰে অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ভাৰত ভূষণ দেৱচৌধুৰীয়ে ।

অহা ৩০ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব অসম লোকসেৱা আয়োগৰ নিৰ্বাচিত প্ৰাৰ্থীসকলৰ মৌখিক সাক্ষাৎকাৰ । উল্লেখযোগ্য যে 8, 9 আৰু 10 জুলাইত অনুষ্ঠিত হৈছিল মূল পৰীক্ষা । যিসকল পৰীক্ষাৰ্থীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল তেওঁলোকে অসম লোকসেৱা আয়োগৰ ৱেবছাইট apsc.nic.inত লগ ইন কৰি নিজৰ ফলাফল চাব পাৰিব । পি ডি এফ ফৰ্মেটত এ পি এছ চি ৰ ৱেবছাইটত উপলব্ধ হৈছে ফলাফল ।

উল্লেখ্য যে চলিত বছৰত অসম লোকসেৱা আয়োগৰ 26 মাৰ্চত অনুষ্ঠিত হোৱা 913 টা বিভিন্ন পদৰ বাবে প্ৰাৰম্ভিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল প্ৰায় 74,368 গৰাকী পৰীক্ষাৰ্থীয়ে ৷ যোৱা এপ্ৰিল মাহত ঘোষিত হোৱা ফলাফলত 10,148 গৰাকী পৰীক্ষাৰ্থীৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল ৷

ইফালে, এ পি এছ চি 2022ৰ মূল পৰীক্ষা যোৱা জুলাই মাহত অনুষ্ঠিত হৈছিল ৷ মূল পৰীক্ষাৰ বাবে নতুনকৈ এডমিট কার্ড প্ৰদান কৰা হৈছিল । উল্লেখ্য যে মূল পৰীক্ষাত মুঠ 6খন প্রশ্নকাকত আছিল । প্ৰতিখন কাকতত মুঠ 250 নম্বৰকৈ আছিল আৰু তিনি ঘণ্টা সময় দিয়া হৈছিল । লগতে প্রথম কাকতখন ৰচনা সদৃশ আছিল আৰু দ্বিতীয় কাকতৰ পৰা ষষ্ঠ কাকত সাধাৰণ জ্ঞানৰ আছিল বুলি আয়োগৰ কৰ্তৃপক্ষই অৱগত কৰিছে ।

ইফালে নতুন নিয়ম অনুসৰিয়ে এইবাৰ অনুষ্ঠিত হৈছিল এ পি এছ চিৰ মূল পৰীক্ষা ৷ পূ্ৰ্বৰ বিকল্প বিষয়ৰ(optional paper) বাচনিৰ ব্যৱস্থা আছিল যদিও এইবাৰ তেনে প্ৰক্ৰিয়া দিয়া হোৱা নাছিল পৰীক্ষাৰ্থীক ৷

লগতে পঢ়ক:2024 government holidays: অসম চৰকাৰৰ ২০২৪ বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ

Last Updated : Nov 2, 2023, 10:49 PM IST

ABOUT THE AUTHOR

...view details