গুৱাহাটী,10 ছেপ্তেম্বৰঃ সমগ্ৰ দেশ জোকাৰি যোৱা অসম লোকসেৱা আয়োগৰ মহাকেলেংকাৰী গোচৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে মঙলবাৰে প্ৰদান কৰে আন এক গুৰুত্বপূৰ্ণ ৰায়দান ৷ কেলেংকাৰীত অভিযুক্ত হোৱা 50 গৰাকী ৰাজপত্ৰিত বিষয়াক লৈ উচ্চ ন্যায়ালয়ে প্ৰদান কৰে ৰায়দান ৷
অসম লোকসেৱা আয়োগ কেলেংকাৰীক লৈ গুৰুত্বপূৰ্ণ ৰায়দান ন্যায়ালয়ৰ - গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
সমগ্ৰ দেশ জোকাৰি যোৱা অসম লোকসেৱা আয়োগ কেলেংকাৰী গোচৰত অভিযুক্ত 50 গৰাকী ৰাজপত্ৰিত বিষয়াৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ ৰায়দান অনুসৰি,পৰৱৰ্তী শুনানি অনুষ্ঠিত নোহোৱালৈকে এইসকল বিষয়াক তেওঁলোকৰ নিৰ্ধাৰিত সুবিধাসমূহ প্ৰদান কৰিবলৈ নিৰ্দেশনা দিছে ন্যায়ালয়ে ৷
এপিএছচি কেলেংকাৰীত নাম সাঙোৰ খাই পৰা বিষয়াসকলক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ নিৰ্দেশনা জাৰী কৰিছিল অসম চৰকাৰে ৷ এই নিৰ্দেশনাৰ বিৰুদ্ধে 50গৰাকী বিষয়াই ন্যায়ালয়ৰ কাষ চাপিছিল ৷ পৰৱৰ্তী সময়ত ন্যায়ালয়ে বহুকেইগৰাকী বিষয়াৰ চাকৰিৰ বৰ্খাস্তৰ নিৰ্দেশ স্থগিত ৰাখিবলৈ চৰকাৰক নিৰ্দেশনা প্ৰদান কৰিছিল ৷
ইফালে এইসকল বিষয়াৰ সন্দৰ্ভতে মঙলবাৰে আন এক গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ উক্ত অভিযোগৰ পৰৱৰ্তী শুনানি অনুষ্ঠিত নোহোৱালৈকে এইসকল বিষয়াই আইন অনুসৰি পাবলগীয়া সুবিধাসমূহ চৰকাৰক প্ৰদান কৰিবলৈ নিৰ্দেশনা জাৰী কৰে ৷ এই কথা প্ৰকাশ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা ফিৰোজ খানে ৷ অধিবক্তাগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি,পৰৱৰ্তী শুনানি অহা অক্টোৱৰ মাহৰ 24 তাৰিখে অনুষ্ঠিত হ'ব ৷