অসম

assam

ETV Bharat / state

এ পি এছ চি কেলেংকাৰী : এসপ্তাহৰ ভিতৰত চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ - Gauhati High Court Directed to Assam Govt

তদন্ত আয়োগৰ প্ৰতিবেদন ৰাজহুৱা তথা কার্যকৰী কৰা সন্দৰ্ভত এসপ্তাহৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৷ এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুকুৰবাৰে শুনানি গ্ৰহণকৰি উচ্চ ন্যায়ালয়ে এই নিৰ্দেশ প্ৰদান কৰে ৷

APSC Cash for job Scam Update
চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 8:50 PM IST

গুৱাহাটী, 9 ডিচেম্বৰ : এ পি এছ চি কেলেংকাৰীৰ তদন্ত আয়োগৰ প্ৰতিবেদন কার্যকৰীৰ সন্দৰ্ভত পুনৰ প্ৰশ্নৰ সন্মুখীন হৈছে অসম চৰকাৰ ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সম্মুখত এ পি এছ চি কেলেংকাৰী তদন্ত আয়োগৰ প্ৰতিবেদন কার্যকৰীৰ সন্দৰ্ভত পুনৰ প্ৰশ্নৰ সন্মুখীন হৈছে অসম চৰকাৰ ৷ এইক্ষেত্ৰত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী‌ ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পুনৰ হেঁচাৰ সম্মুখীন হৈছে ৷

ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হেঁচাৰ বাবে ৰাজ্য চৰকাৰে স্থবিৰ হৈ থকা এ পি এছ চি কেলেংকাৰীৰ তদন্ত আৰম্ভ কৰিছে ৷ উল্লেখ্য যে, অসম লোকসেৱা আয়োগৰ কেলেংকাৰীত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন ৰাজহুৱা তথা কার্যকৰী কৰা সন্দৰ্ভত এসপ্তাহৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ প্ৰীতম হাজৰিকাসহ দুজনে দাখিল কৰা 45/2023 নম্বৰৰ এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ (পি আই এল) শুকুৰবাৰে শুনানি গ্ৰহণকৰি উচ্চ ন্যায়ালয়ে এই নিৰ্দেশ প্ৰদান কৰে ৷

উল্লেখ্য যে ন্যায়িক আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰা আৰু ন্যায়ালয়ৰ নিৰীক্ষণত প্ৰতিবেদন কার্যকৰী কৰাৰ আবেদনেৰে প্ৰীতম হাজৰিকাসহ দুজনে এই পি আই এলখন দাখিল কৰিছিল ৷ এই সন্দৰ্ভত পি আই এলখনৰ ভিত্তিত যুক্তি প্ৰদৰ্শন কৰা অধিবক্তা এ আৰ ভূঞাই কয় যে এ পি এছ চি কেলেংকাৰী সন্দৰ্ভত চৰকাৰে একাংশ বছা বছা লোকক চমন জাৰি কৰিছে, কাৰোবাক গ্ৰেপ্তাৰ কৰিছে ৷ কিন্তু ন্যায়িক আয়োগৰ প্ৰতিবেদনত নাম থকা প্ৰাৰ্থী তদন্তৰ আওঁতালৈ অহা নাই ৷ এনে পৰিস্থিতিত ন্যায়িক আয়োগৰ প্ৰতিবেদন কার্যকৰী কৰাকে ধৰি সমগ্ৰ পি আই এলখনৰ ভিত্তিত এসপ্তাহৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ উচ্চ ন্যায়ালয়ে অসম চৰকাৰক নিৰ্দেশ প্ৰদান কৰিছে ৷

লগতে পঢ়ক :এ পি এছ চি কেলেংকাৰী : ৱাহিদা বেগমক তিনি দিনৰ আৰক্ষীৰ জিম্মাত; আন তিনিজনক তলব

ABOUT THE AUTHOR

...view details