অসম

assam

ETV Bharat / state

APSC 2014 scam: দুগৰাকী ৰাজপত্ৰিত বিষয়ালৈ বিপ্লৱ শৰ্মা আয়োগৰ জাননী - ২০১৪ বৰ্ষৰ নিযুক্তি কেলেংকাৰী

চৰ্চাত আকৌ অসম লোকসেৱা আয়োগৰ ২০১৪ ৰ কেলেংকাৰী (APSC 2014 scam) ৷ পোহৰলৈ আহিছে APSC কেলেংকাৰীৰ বহু ন ন তথ্য ( APSC Appointment scam) ৷ ইতিমধ্যে এই APSC কেলেংকাৰীত জড়িত থকাৰ সন্দেহত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগে DSP ভনীতা নাথ আৰু আৱকাৰী অধীক্ষক মানৱী দাসলৈ জাননী প্ৰেৰণ কৰিছে ৷

APSC 2014 scam
চৰ্চাত আকৌ অসম লোকসেৱা আয়োগৰ ২০১৪ ৰ কেলেংকাৰী

By

Published : Dec 29, 2022, 2:20 PM IST

গুৱাহাটী, ২৯ ডিচেম্বৰ : অসম লোকসেৱা আয়োগ চমুকৈ APSC ৰ ২০১৪ বৰ্ষৰ পৰীক্ষা কেলেংকাৰীৰ ভয়ংকৰ তথ্য উন্মোচন হৈছে (APSC 2014 scam) । এই সন্দৰ্ভত দুগৰাকী ৰাজপত্ৰিত বিষয়ালৈ জাননী জাৰি কৰিছে ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগে (Justice Biplob Kumar Sharma Commission) । জানিব পৰা মতে, ডি এছ পি ভনীতা নাথ, আৱকাৰী অধীক্ষক মানৱী দাসলৈ জাননী প্ৰেৰণ কৰা হৈছে ।

দুয়োগৰাকীৰ বিৰুদ্ধে বক্ৰপথেৰে চাকৰি লোৱাৰ অভিযোগ উত্থাপন হৈছে । আগন্তুক ১৫ দিনৰ ভিতৰত আয়োগৰ ওচৰত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে দুয়োগৰাকী ৰাজপত্ৰিত বিষয়াক । আয়োগত তেওঁলোকে তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহৰ উত্তৰ দিব লাগিব ।

উল্লেখ্য যে, অসম লোক সেৱা আয়োগত হোৱা পৰীক্ষা কেলেংকাৰীত জড়িত সেই সময়ৰ আয়োগৰ সহৰাকী পৰীক্ষা নিয়ন্ত্ৰক পৱিত্ৰ কৈৱৰ্তই জেৰাৰ সময়ত ২০১৪ বৰ্ষৰ পৰীক্ষাত হোৱা কেলেংকাৰীৰ বহু তথ্য সদৰী কৰিছিল (APSC Appointment scam) । সেই তথ্যৰ ভিত্তিতেই ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগে দুয়োগৰাকী ৰাজপত্ৰিত বিষয়ালৈ জাননী প্ৰেৰণ কৰি ১৫ দিনৰ ভিতৰত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে । লগতে আৰু বহুকেইগৰাকী বিষয়া আয়োগৰ তদন্তৰ আওতালৈ অহাৰ সম্ভাৱনা আছে ।

লক্ষণীয় বিষয় যে, তদন্ত প্ৰক্ৰিয়া যিমানে আগুৱাই গৈছে সিমানেই অসম লোক সেৱা আয়োগত হোৱা কেলেংকাৰীৰ নতুন নতুন তথ্য পোহৰলৈ আহিছে । ৰাকেশ পালৰ কাৰ্যকালৰ সময়ত ২০১৪ চনত সংঘটিত হোৱা ৰাজপত্ৰিত বিষয়া নিযুক্তিৰ কেলেংকাৰীৰ তদন্তৰ বাবে গঠিত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগে ইতিমধ্যে কেইবাগৰাকীও ৰাজপত্ৰিত বিষয়ালৈ চমন জাৰি কৰিছিল ।

লগতে পঢ়ক :APSC Scam: ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ কাৰ্যকাল বৃদ্ধি

২০১৮ চনৰ ১৮ জুলাইত ডিব্ৰুগড় আৰক্ষীয়ে ২১ গৰাকী ৰাজপত্ৰিত বিষয়াক গ্ৰেপ্তাৰ কৰিছিল । ইতিমধ্যে ৰাজ্য চৰকাৰে গ্ৰেপ্তাৰ কৰা আটাইকেইজন বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে । শেহতীয়াকৈ অসম চৰকাৰে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ কার্যকাল ৬ মাহ বৃদ্ধি কৰিছে ।

অসম লোকসেৱা আয়োগৰ অধীনত ২০১৪ চনত অনুষ্ঠিত সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত অনিয়ম সংঘটিত হোৱা বুলি উঠা অভিযোগৰ ভিত্তিত বিষয়টো সন্দৰ্ভত তদন্ত কৰিবলৈ চলিত বৰ্ষৰ ২০ মে’ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত এজনীয়া তদন্ত আয়োগ গঠন কৰা হৈছিল ।

২০ নৱেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ এই আয়োগৰ কাৰ্যকাল পুনৰ ৬ মাহলৈ বৃদ্ধি কৰা হৈছে । আয়োগে ৬ মাহ সম্পূর্ণ হোৱাৰ আগতে প্ৰতিবেদন দাখিল কৰিলে নাইবা প্ৰতিবেদন দাখিলৰ দিনা এই আয়োগৰ কাৰ্যকাল অন্ত পৰিব । অসম লোকসেৱা আয়োগত ২০১৪ চনত সংঘটিত নিযুক্তি কেলেংকাৰীৰ তদন্তৰ দায়িত্ব ৰাজ্য চৰকাৰে ২০ মে’ত অৰ্পণ কৰিছিল ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগক । ছমাহৰ ভিতৰত অৰ্থাৎ ২০ নৱেম্বৰত আয়োগে প্ৰতিবেদন দাখিলৰ দিন নিৰ্ধাৰণ কৰা হৈছিল যদিও পুনৰ ছমাহৰ বাবে আয়োগৰ কাৰ্যকাল বৃদ্ধি কৰা হয় ।

লগতে পঢ়ক :চাৰি সপ্তাহৰ ভিতৰত ৰাজহুৱা কৰিব লাগিব APSC কেলংকাৰীৰ তদন্ত প্ৰতিবেদন

অসম লোকসেৱা আয়োগত ৰাকেশ পালৰ কাৰ্যকালত ২০১৩ আৰু ২০১৪ বৰ্ষত আয়োগত সংঘটিত নিযুক্তি কেলেংকাৰী সন্দৰ্ভত ডিব্ৰুগড় থানাত ৯৩৬/২০১৬ নম্বৰৰ এটা গোচৰ পঞ্জীয়ন হৈছিল । ইয়াৰে ২০১৩ বৰ্ষৰ নিযুক্তি কেলেংকাৰীৰ তদন্তৰ বাবে পূৰ্বতে ৰাজ্য চৰকাৰে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত এখন আয়োগ গঠন কৰি দিছিল । আয়োগে ইতিমধ্যে সেই কেলেংকাৰীৰ তদন্ত কৰি চৰকাৰৰ হাতত প্ৰতিবেদন দাখিল কৰিছে ৷

আনহাতে, ২০১৪ ৰ নিযুক্তি কেলেংকাৰীৰ তদন্তৰ দায়িত্ব পূৰ্বতে ন্যায়াধীশ শৰ্মা আয়োগক অৰ্পণ কৰা হোৱা নাছিল । যাৰ ফলস্বৰূপে ডিব্ৰুগড় থানাত একেটা গোচৰতে (৯৩৬/২০১৬) দুয়োটা বৰ্ষৰ কেলেংকাৰী সংযুক্ত হৈ থকা স্বত্বেও ন্যায়াধীশ শৰ্মা আয়োগে ২০১৪ বৰ্ষৰ নিযুক্তি কেলেংকাৰীৰ তদন্ত কৰিবলৈ সক্ষম হোৱা নাছিল । কিন্তু চলিত বৰ্ষৰ মে' ম‍াহত ২০১৪ বৰ্ষৰ কেলেংকাৰীৰ তদন্তৰ দায়িত্ব ন্যায়াধীশ শৰ্মা আয়োগক ন্যস্ত কৰা হৈছিল ।

ছমাহৰ ভিতৰত আয়োগে প্ৰতিবেদন দাখিলৰ কথা আছিল যদিও অৱশেষত আয়োগৰ কাৰ্যকাল আৰু ছমাহৰ বাবে বৃদ্ধি কৰা হয় । উল্লেখ যে, ২০১৪ ৰ নিযুক্তি কেলেংকাৰীত পূৰ্বতেই ২১ জনক দোষী সাব্যস্ত কৰা হৈছিল ।

লগতে পঢ়ক :APSCৰ পাঁচ প্ৰাক্তন সদস্যলৈ জাননী ন্যায়াধীশ শৰ্মা আয়োগৰ

ABOUT THE AUTHOR

...view details