অসম

assam

ETV Bharat / state

চিৰদিনৰ বাবে বন্ধ হ'ল অপ্সৰা চিনেমা হল - Apsara Cinema Hall is Permanently closed

এতিয়া ইতিহাসৰ পৃষ্ঠা হ'ল অপ্সৰা, মেঘদূত, বন্দনা, উদেষ্ণা, কেলভিন আদি চিনেমা হল ৷ এতিয়াৰ পৰা অপ্সৰা চিনেমা হলত চিনেমা চাবলৈ ইচ্ছা কৰিলেও চাবলৈ নাপাব দৰ্শকে ৷ অপ্সৰা চিনেমা হল বন্ধ (Apsara Cinema Hall closed) কৰি পৰিৱৰ্তিত কৰা হ'ল বিবাহ ভৱনলৈ ৷

Apsara Cinema Hall closed forever
বন্দনা,মেঘদূতৰ পিছত এইবাৰ চিৰদিনৰ বাবে বন্ধ হ'ল অপ্সৰা চিনেমা হল

By

Published : Nov 24, 2021, 2:37 PM IST

গুৱাহাটী, 24 নৱেম্বৰ : চিত্ৰপ্ৰেমীৰ বাবে দুঃখবৰ, অতীত হ'ল গুৱাহাটী মহানগৰীৰ অপ্সৰা চিনেমা হল (Apsara Cinema Hall is Permanently closed) । অপ্সৰাত দীঘলীয়া শাৰী পাতি ব্লেকত টিকট ক্ৰয় কৰি চুপাৰহিট চিনেমা চোৱাৰ আমেজ হেৰুৱাব মহানগৰবাসীয়ে । অপ্সৰা চিনেমা হলত চিনেমা চাবলৈ ইচ্ছা কৰিলেও এতিয়াৰ পৰা চাবলৈ নাপাব দৰ্শকে। কিয়নো ঐতিহাসিক অপ্সৰা চিনেমা হল পৰিৱৰ্তিত হৈছে বিবাহ ভৱনলৈ । ফলত হতাশ হৈ পৰিছে চিত্ৰপ্ৰেমী সকল।

বছৰ বছৰ ধৰি অপ্সৰা চিনেমা হলত বহু চিত্ৰ প্ৰেমীয়ে চুপাৰহিট চিনেমা উপভোগ কৰিছিল । শ্বোলে, এণ্টাৰ দ্য ড্ৰেগন, হাথি মেৰা সাথীৰ দৰে চিনেমাসমূহ দীঘলীয়া শাৰী পাতি ব্লেকট টিকট ক্ৰয় কৰি উপভোগ কৰিছিল । এতিয়া ছচিয়েল মিডিয়াত সেইবোৰ স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ পৰিছে বহুজন ।

উল্লেখ্য যে, ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে প্ৰায় দুবছৰ ধৰি চিনেমা হলসমূহ বন্ধ হৈ থাকিবলগীয়া হোৱাত চিত্ৰগৃহ সমূহৰ স্বত্বাধিকাৰীৰ লগতে কৰ্মচাৰী সকলো আৰ্থিক সংকটত ভুগিছিল । এইক্ষেত্ৰত চৰকাৰৰ পৰা কোনোধৰণৰ সহায় নোপোৱাৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ কেইবাটাও চিনেমা হল বন্ধ কৰিলগীয়া হৈছে ।

জানিব পৰা মতে, অপ্সৰা চিনেমা হলৰ স্বত্বাধিকাৰীয়ে চিনেমা হলটো বিক্ৰী কৰি দিয়াৰ পিছতে দুটা ব্যক্তিগত প্ৰতিষ্ঠানে ক্ৰয় কৰি লয় । ২০২১ ৰ পৰা চিনেমা হলটো মেৰামতি কৰি ‘AASHI APSARA’ নামেৰে এখন বিবাহ ভৱন নিৰ্মাণ কৰা হৈছে । আনুষ্ঠানিকভাৱে বিবাহ ভৱনটো উদ্বোধন কৰা হোৱা নাই যদিও বৰ্তমানলৈ বিবাহ ভৱনটোত কেইবাটও অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে । আনহাতে, ক’ভিড মহামাৰীৰ বাবে নুনমাটিৰ বন্দনা চিনেমা হলটো ভাঙি শ্বপিংমলৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছে ।

লগতে পঢ়ক :Assam tourism : দেশী-বিদেশী পৰ্যটকৰ আগমন ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰ সমূহলৈ

ABOUT THE AUTHOR

...view details