গুৱাহাটী, ১৪ নৱেম্বৰ :গুৱাহাটী মহানগৰীত সুৰা বিক্ৰীয়ে গঢ়িলে পুনৰ অভিলেখ ৷ দীপাৱলীৰ দুটা দিনত গুৱাহাটী মহানগৰীত বিক্ৰী হ'ল প্ৰায় সাত কোটি টকাৰ সুৰা । আৱকাৰী বিভাগৰ তথ্য মতে, দীপাৱলীৰ দুটা দিনত ৬ কোটি ৮৩ লাখ টকাৰ সুৰা বিক্ৰী হয় ৰাজধানী চহৰখনত । যোৱা ১২ নৱেম্বৰত ৩ কোটি ৭২ লাখ টকা আৰু ১৩ নৱেম্বৰত ৩ কোটি ১১ লাখ টকাৰ সুৰা বিক্ৰী হয় ।
উল্লেখ্য যে বিগত বছৰ দীপাৱলীত গুৱাহাটী মহানগৰীত বিক্ৰী হৈছিল প্ৰায় ছয় কোটি টকাৰ সুৰা । উক্ত বছৰ দীপাৱলীৰ দুটা দিনত ৫ কোটি ৯৭ লাখ টকাৰ সুৰা বিক্ৰী হৈছিল ৰাজধানী চহৰখনত । দীপাৱলীৰ প্ৰথম দিনত ২ কোটি ৫৬ লাখ ৭০ হাজাৰ টকা আৰু দ্বিতীয় দিনত ২ কোটি ৪৪ লাখ ৬২ হাজাৰ টকাৰ সুৰা বিক্ৰী হৈছিল ।
দুৰ্গা পূজাৰ সময়তো গুৱাহাটী মহানগৰত সুৰা বিক্ৰীয়ে অভিলেখ পুনৰ । দুৰ্গা পূজাত গুৱাহাটীত ১৬.৮০ কোটি টকাৰ সুৰা বিক্ৰী হৈছিল । ৰাইজে মুকলি মনেৰে সকলো উৎসৱ উপভোগ কৰাৰ লগতে যেন সুৰাপায়ীসকলেও মুকলি মনেৰে পান কৰিলে সুৰা । যাৰ বাবে সুৰা বিক্ৰীৰ ক্ষেত্ৰত সৃষ্টি হয় এই অভিলেখ । ইফালে বিশ্বকৰ্মা পূজাৰ দিনটোতো গুৱাহাটীত বিক্ৰী হৈছিল মুঠ ৬.২০ কোটি টকাৰ সুৰা । আনহাতে, বিগত সময়ছোৱাত ফাকুৱাৰ দুদিনত ৰাজ্যত ১০.৬২ কোটি টকাৰ সুৰা বিক্ৰী হয় ।