গুৱাহাটী, ২৬ ডিচেম্বৰ :অবৈধ কাৰ্যকলাপৰ স্থলী হৈ পৰিছে ৰাজ্যৰ অন্যতম ৰে'লৱে ষ্টেচন গুৱাহাটী ৰে'লৱে ষ্টেচন (illegal activity in Guwahati Railway Station) । চলিত বৰ্ষত গুৱাহাটী ৰে'লৱে ষ্টেচনত চৰকাৰী ৰে'ল আৰক্ষীয়ে ২১.৩২ কোটি টকাৰ বিভিন্ন অবৈধ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে (illegal goods seized at Guwahati railway station) ।
চৰকাৰী ৰে'ল আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, চলিত বৰ্ষত আৰক্ষীয়ে অবৈধ সৰবৰাহৰ কাৰ্যকলাপত জড়িত ১৪০ জন লোকক গ্ৰেপ্তাৰ (140 people arrested for illegal trafficking) কৰাৰ লগতে বহু নিচাজাতীয় সামগ্ৰী জব্দ কৰিছে (Seizure of narcotics at Guwahati Railway Station) ।
এই সামগ্ৰীসমূহৰ ভিতৰত আছে ৬৫০ কিলোগ্ৰাম গাঞ্জা, ২২ কিলোগ্ৰাম অপিয়াম, ৩২ হাজাৰ নিচাজাতীয় টেবলেট, ১.৫ কিলোগ্ৰাম মৰফিন, ১২০ গ্ৰাম হেৰ'ইন, ৭৪০ বেগ বাৰ্মিজ চুপাৰি, ২ কিলোগ্ৰাম সোণ, ২ কোটি নগদ ধন, বিদেশী চিগাৰেট এহেজাৰ বাণ্ডিল, ৪৫ খন মটৰচাইকেল । চৰকাৰী ৰে'ল আৰক্ষীৰ বিভিন্ন অভিযানত উক্ত সামগ্ৰীবোৰ জব্দ কৰিবলৈ সক্ষম হৈছে (GRPF operation against illegal trafficking) ।
উল্লেখ্য জব্দকৃত সামগ্ৰীসমূহ সৰবৰাহকাৰীয়ে ৰে'লযোগে বিভিন্ন স্থানলৈ নিয়াৰ চেষ্টা কৰিছিল । বহু সময়ত আকৌ গৰাকীবিহীনভাৱেও সামগ্ৰীসমূহ সৰবৰাহকাৰীয়ে ৰে'লযোগে অন্য স্থানলৈ প্ৰেৰণৰ চেষ্টা কৰিছিল । এই সামগ্ৰীসমূহৰ ভিতৰত গাঞ্জা আৰু বাৰ্মিজ চুপাৰি অন্যতম বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে ।