গুৱাহাটী,১৯ জানুৱাৰী :এক লাখ নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশত আৰু এখোজ আগবাঢ়িল অসম চৰকাৰ । শেহতীয়াকৈ ৩৯,৬৭৪ গৰাকী প্ৰাৰ্থীৰ বিভিন্ন বিভাগত নিযুক্তি দিয়াৰ পাছত বৃহস্পতিবাৰে অসম চৰকাৰে নতুনকৈ ৮২৮ গৰাকী প্ৰাৰ্থীক ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তি পত্ৰ প্ৰদান কৰে (828 new appointments in Assam govt)। এই উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ প্ৰেক্ষাগৃহত আয়োজন কৰা অনষ্ঠানত স্বাস্থ্য মন্ত্রী কেশৱ মহন্তই অংশ গ্ৰহণ কৰি নিযুক্তি পত্র প্ৰদান কৰে ।
অসম চৰকাৰৰ চাৰিটা বিভাগত ৮২৮ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্র প্ৰদান অসম চৰকাৰৰ চাৰিটা বিভাগত ৮২৮ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হয় । ইয়াৰ ভিতৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত মুঠ ৫৭৫ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয় (Health department new appointments)। ইয়াৰে চিকিৎসা আৰু স্বাস্থ্য বিষয়া-১ত ৫৪১ গৰাকীক আৰু খাদ্য সুৰক্ষা বিষয়া পদত ৩৪ গৰাকীক নিযুক্তি দিয়া হয় । আনহাতে চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগত চিকিৎসক (পঞ্জীয়ক/ডেমনষ্ট্ৰেটৰ) পদত মুঠ ২৩৬ গৰাকীক নিযুক্তি দিয়াৰ লগতে ভূমি সংৰক্ষণ বিভাগত সহকাৰী ভূমি সংৰক্ষণ বিষয়া পদত মুঠ ১৩ গৰাকীক নিযুক্তি পত্ৰ দিয়া হয় ।
অসম চৰকাৰৰ চাৰিটা বিভাগত ৮২৮ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্র প্ৰদান সেইদৰে জলসম্পদ বিভাগত তৃতীয় বৰ্গৰ শাখা সহায়ক পদত ৪ গৰাকীক নিযুক্তি পত্ৰ দিয়া হয় (New appointments in Irrigation department)। নিযুক্তি পত্র প্ৰদান কৰি দিয়া ভাষণত স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই কয় যে এক লাখ নিযুক্তি প্ৰদান প্ৰক্ৰিয়াৰ অংশ হিচাপে বৃহস্পতিবাৰে অসম চৰকাৰৰ চাৰিটা বিভাগৰ অধীনত ৮২৮ গৰাকী যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰা হয় ।
নিযুক্তিপ্ৰাপ্ত সকলৰ ভিতৰত স্বাস্থ্য বিভাগৰ ৫৪১ গৰাকী চিকিৎসক আৰু ৩৪ গৰাকী খাদ্য সুৰক্ষা বিষয়া, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগত ২৩৬ গৰাকী চিকিৎসকৰ লগতে ভূমি সংৰক্ষণ বিভাগত ১৩ গৰাকী সহকাৰী ভূমি সংৰক্ষণ বিষয়া আৰু জল সম্পদ বিভাগত ৪ গৰাকী শাখা সহায়ক (তৃতীয় বৰ্গ) নিযুক্তি দিয়া হয় ।
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৱল নেতৃত্বত নিযুক্তিপ্ৰাপ্তসকলকে ধৰি এতিয়ালৈকে মুঠ ৪০,৫০২ গৰাকীক নিযুক্তি প্ৰদান কৰা হৈছে । প্ৰথম বাৰৰ বাবে একেলগে ৭৭৭ গৰাকী চিকিৎসকক নিযুক্তি দিয়া হৈছে বুলিও উল্লেখ কৰি মন্ত্রীগৰাকীয়ে (New 777 doctors recruited in Assam)। নিযুক্তি পোৱা চিকিৎসকলক নিষ্ঠাৰে নিজৰ দায়িত্ব পালন কৰাৰ বাবে আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে । নিযুক্তিৰ যোগেদি চিকিৎসালয়সমূহত থকা চিকিৎসকৰ অভাৱ বহু পৰিমাণে দূৰ হ'ল বুলি উল্লেখ কৰি মন্ত্রীগৰাকীয়ে কয় যে পূৰ্বে ১০১ খন চিকিৎসালয়ত এজনো চিকিৎসক নাছিল ।
অসম চৰকাৰৰ চাৰিটা বিভাগত ৮২৮ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্র প্ৰদান বৰ্তমান অনুমোদিত চিকিৎসকৰ পদৰ ক্ষেত্রত অভাৱ নাই । মন্ত্রীগৰাকীয়ে নিযুক্তি পোৱা চিকিৎসকসকলক পদবীৰ মৰ্যাদা ৰক্ষা কৰি কাম কৰিবৰ বাবে আহ্বান জনায় । আনহাতে নিযুক্তি পোৱা খাদ্য সুৰক্ষা বিষয়াসকলক কোনো ধৰণৰ আপোচ নকৰাকৈ কাম কৰাৰ বাবে আহ্বান জনাই কয় যে ব্যৱসায়ীৰ লগত মিতিৰালি নকৰিব । কোনো কাৰণতে ভেজাল খাদ্য বজাৰত থাকিব নোৱাৰিব বুলি মন্ত্রীগৰাকীয়ে বিষয়াসকলক সকীয়াই দিয়ে ।
গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত ভূমি সংৰক্ষণ বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, মুখ্য সচিব পবন কুমাৰ বৰঠাকুৰ, অতিৰিক্ত মুখ্য সচিব ৰবি শংকৰ প্ৰসাদ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব ডাঃ সিদ্ধাৰ্থ সিং, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ৰাজ্যিক অভিযান সঞ্চালক ডাঃ এম এছ লক্ষ্মীপ্ৰিয়া, শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাঃ ধ্ৰুৱজ্যোতি বৰা প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল ।
লগতে পঢ়ক :Ranoj Pegu attending Gunotsav: প্ৰতিখন বিদ্যালয়ত একোটাকৈ ডিজিটেল ডিভাইছৰ ব্যৱস্থা কৰিব চৰকাৰে