গুৱাহাটী, 5 জুন: মুখ্যমন্ত্ৰী় ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে এক লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি পূৰণৰ অংশ হিচাপে বুধবাৰে শিক্ষা বিভাগৰ অধীনত 106 টা পদত নিযুক্তি দিয়া হয় ৷ জনতা ভৱনত মুখ্যমন্ত্ৰীৰ সভাকক্ষত আয়োজন কৰা এক অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে 106 গৰাকী প্ৰাৰ্থীক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰে ৷
ইয়াৰে উচ্চ শিক্ষা বিভাগৰ অধীনৰ 94 গৰাকী সহকাৰী অধ্যাপক, ৰাজ্যিক শিক্ষা গৱেষণা প্ৰতিষ্ঠানৰ অধীনত 10 গৰাকী প্ৰবক্তা আৰু দুইগৰাকী পাঠ লেখকসহ মুঠ 106 গৰাকী প্ৰাৰ্থীক আনুষ্ঠানিকভাৱে নিযুক্তিপত্ৰ প্ৰদান কৰা হয় ৷ ভাষণ প্ৰসংগত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে শিক্ষা বিভাগত যথেষ্ট পদ খালী আছে আৰু এই খালী পদ পূৰণৰ বাবে চৰকাৰখনে অহৰ্নিশে কাম কৰি আছে ৷ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ প্ৰয়োগৰে শিক্ষা বিভাগক আগুৱাই নিয়াৰ বাবে কাম কৰি থকাৰ কথা উল্লেখ কৰি তেওঁ কয় যে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে কেৱল এখন চাৰ্টিফিকেট নহয়, একোজন শিক্ষিত ব্যক্তিৰ লগতে নিজকে সংস্থাপিত কৰিব পৰাকৈ জ্ঞান দিব ৷
অসমত লাহে ধীৰে কাম কৰাৰ প্ৰৱণতা আছে বুলি সদৰী কৰি তেওঁ কয় যে শিক্ষা বিভাগে এটা লীডাৰ হোৱাৰ টাৰ্গেট লৈছে ৷ যাতে সকলো ক্ষেত্ৰতে আগত থাকি কাম কৰিব পাৰে ৷ তেওঁ সকলোকে লাহে-ধীৰে কাম কৰা প্ৰৱণতা ত্যাগ কৰাৰ আহ্বান জনায় ৷ ঘাত-প্ৰতিঘাতৰ মাজেৰে কাম কৰি আগুৱাই যাব নোৱাৰিলে অসমে দেশৰ পাঁচখন ৰাজ্য ভিতৰত থাকিব নোৱাৰিব বুলি তেওঁ সদৰী কৰে ৷ তেওঁ লগতে কয় যে সমগ্ৰ শিক্ষা কাৰ্যালয়ত উপস্থিত নোহোৱাকৈ অন লাইন পৰ্টেলৰ জৰিয়তে 12 হাজাৰ লোকৰ বদলিকৰণ কৰা হৈছে ৷ শিক্ষা সেঁতুৰ জৰিয়তে শিক্ষানুষ্ঠানৰ তথ্য লাভ কৰিব পৰা গৈছে ৷