গুৱাহাটী,১৩ এপ্ৰিল :অসম লোক সেৱা আয়োগৰ দ্বাৰা বাচনিকৃত কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ ১২ গৰাকী সহকাৰী অধ্যাপকক বুধবাৰে আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰা হয় (Appointment letter distribute to 12 assistant professors)। এই উপলক্ষে জনতা ভৱনত শিক্ষামন্ত্ৰীৰ কাৰ্যালয়ৰ সভাকক্ষত উচ্চ শিক্ষা বিভাগৰ উদ্যোগত এক অনুষ্ঠানৰ আয়োজন কৰা হয় (Appointment letters distribution program at Janata Bhaban)।
অনুষ্ঠানত শিক্ষা, ভৈয়াম জনজাতি আৰু অন্যান্য পিছ পৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে অংশ গ্ৰহণ কৰি কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ নৱনিযুক্ত ১২ গৰাকী সহকাৰী অধ্যাপকক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰে (Education Minister gives appointment letters to assistant professors)।
১২ গৰাকীকৈ নৱনিযুক্ত সহকাৰী অধ্যাপকক নিযুক্তি পত্ৰ প্ৰদান উল্লেখ্য যে ইয়াৰ ভিতৰত ইংৰাজী বিভাগৰ ২ গৰাকী, প্ৰাণী বিজ্ঞানৰ ৩ গৰাকী, কম্পিউটাৰ বিজ্ঞানৰ ১ গৰাকী, ৰাজনীতি বিজ্ঞানৰ ২ গৰাকী, অৰ্থনীতি, বড়ো, অসমীয়া আৰু পদাৰ্থ বিজ্ঞানৰ ১ এগৰাকীকৈ অধ্যাপকক নিযুক্তি পত্ৰ প্ৰদান কৰা হয় ।
১২ গৰাকীকৈ নৱনিযুক্ত সহকাৰী অধ্যাপকক নিযুক্তি পত্ৰ প্ৰদান মন্ত্ৰী গৰাকীয়ে নৱ নিযুক্ত অধ্যাপকসকলক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে তেওঁলোকক নিজ কৰ্মস্থানত দায়িত্ব সহকাৰে আৰু নিয়াৰিকৈ কাম কৰি যাবলৈ আহ্বান জনায় । অনুষ্ঠানত হস্ততাঁত বস্ত্ৰ শিল্প বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, উচ্চ শিক্ষা বিভাগৰ আয়ুক্ত সচিব এম এছ মণিভন্নন, সঞ্চালক ধর্ম কান্ত মিলি প্ৰমুখ্যে বিভাগীয় বিষয়াসকল উপস্থিত আছিল ।
লগতে পঢ়ক :Madhavpur Mela 2022 : শ্ৰীকৃষ্ণ ৰুক্মিণীৰ বিবাহথলীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা